Local, Vocal, Global

ST, SC, OBCৰ লোকৰ বাবে সুখবৰ

নিউজ ডেস্ক, ৩১ জুলাই : এতিয়াৰে পৰা অফিচে অফিচে ঘূৰিব নালাগে ST, SC, OBCৰ লোকে। মিছন ভূমিপুত্ৰৰ অধীনত লাভ কৰিব জাতিগত জাতিগত প্ৰমাণ পত্ৰ।

ST, SC, OBCৰ লোকৰ বাবে মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। জাতিগত প্ৰমাণ পত্ৰৰ বাবে হিমন্ত বিশ্ব চৰকাৰে মুকলি কৰিব বিশেষ পʼৰ্টেল।
ছাত্ৰ-ছাত্ৰীয়ে পʼৰ্টেলত গৈ নিজৰ তথ্য সন্নিৱিষ্ট কৰিব লাগিব। আনহাতে, সন্নিৱিষ্ট কৰাৰ ৩০‌ দিনৰ ভিতৰতে লাভ কৰিব জাতিগত প্ৰমাণ পত্ৰ।
নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক উপায়ুক্তই বিদ্যালয়ত গৈ প্ৰদান কৰিব জাতিগত প্ৰমাণ পত্ৰ।
নৱম শ্ৰেণীতেই জাতিগত প্ৰমাণ পত্ৰ শিক্ষাৰ্থীক চমজাই দিব হিমন্ত চৰকাৰে।