Local, Vocal, Global

পুনৰ হ্ৰাস পালে চিলিণ্ডাৰৰ মূল্য

নিউজ ডেস্ক, ১ আগষ্ট : পুনৰ সোমবাৰে ১৯ কিলোগ্ৰাম ওজনৰ বাণিজ্যিক লিকুইড পেট্ৰ’লিয়াম গেছ (LPG) চিলিণ্ডাৰৰ হাৰ ৩৬ টকা হ্ৰাস হৈছে।

সম্প্ৰতি, ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত ১৯ কিলোগ্ৰাম বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য এতিয়া ১,৯৭৬.৫০ টকা হ’ব। আনহাতে, ইয়াৰ মূল্য আছিল প্ৰতি চিলিণ্ডাৰত ২০১২.৫০ টকা।

কলকাতাত, চিলিণ্ডাৰৰ মূল্য এতিয়া ২০৯৫.৫০ টকা হ’ব। পূৰ্বে, ইয়াৰ মূল্য আছিল ২১৩২ টকা।

চিলিণ্ডাৰৰ মূল্য এতিয়া মুম্বাইত ১৯৩৬.৫০ টকা আৰু চেন্নাইত ২১৪১ টকা হ’ব, পূৰ্বে, ইয়াৰ মূল্য ক্ৰমান্বয়ে ১৯৭২.৫০ টকা আৰু ২১৭৭.৫০ টকা আছিল।

উল্লেখ্য যে, মে’ মাহত, ঘৰুৱা LPG চিলিণ্ডাৰৰ হাৰ দুবাৰ বৃদ্ধি কৰা হৈছিল প্ৰথমে ৭ মে’ত ৫০ টকা আৰু তাৰ পিছত ১৯ মে’ত পুনৰ বৃদ্ধি কৰা হৈছিল।