Local, Vocal, Global

অসমৰ জনসাধাৰণলৈ মুখ্যমন্ত্ৰীয়ে জনাইছে বিশেষ আহ্বান

নিউজ ডেস্ক, ৩১ জুলাই : জাতীয় পতাকাৰে ছেল্ফি উঠি ২ৰ পৰা ১৫ আগষ্টলৈকে ফেচবুক, টুইটাৰৰ প্ৰফাইলত ফটো লগোৱাৰ বাবে অসমৰ জনসাধাৰণলৈ আহ্বান মুখ্যমন্ত্ৰীৰ।
প্ৰধানমন্ত্ৰীয়ে জনোৱা আহ্বানৰ পাছতেই ৰাজ্যবাসীকো ঘৰ, ব্যৱসায়িক প্ৰতিষ্ঠান, কাৰ্যালয়ত জাতীয় পতাকা উত্তোলন কৰিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে।

সুলভ মূল্যৰ দোকানত ১৮‌ টকা দৰত লাভ কৰিব জাতীয় পতাকা। আনহাতে, আত্মসহায়ক গোট সমূহেও ১৮‌ লাখকৈ জাতীয় পতাকা প্ৰস্তুত কৰিছে বুলি জানিব দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।


তাৰোপৰি, বৰ্তমান সময়লৈকে ক্ৰয় কৰিছে ৯ লাখ জাতীয় পতাকা।