Local, Vocal, Global

বাণিজ্যিক ৰন্ধন গেছ চিলিণ্ডাৰ ব্যৱহাৰকাৰীসকলৰ বাবে ভাল খবৰ…

ডিজিটেল ডেস্ক:- ভাল খবৰ ! বাণিজ্যিক ৰন্ধন গেছ চিলিণ্ডাৰৰ দাম হ্ৰাস। প্ৰতিটো ১৯ কেজিৰ চিলিণ্ডাৰত ১৭১.৫০ টকাকৈ হ্ৰাস।১ মে’ৰ পৰা কাৰ্যকৰী হ’ব বাণিজ্যিক চিলিণ্ডাৰৰ এই নতুন নিৰিখ।তেল বিপণন কোম্পানীৰ ইণ্ডিয়ান অইলৰ ৱেবছাইটত এই নতুন মূল্যৰ তালিকা প্ৰকাশ পাব।

এতিয়াৰে পৰা পাব গেছ চিলিণ্ডাৰ নতুন মূল্যত । আজিৰে পৰা দিল্লীত এটা ১৯ কিলোগ্ৰাম গেছ চিলিণ্ডাৰৰ মূল্য ২,০২৮ টকাৰ পৰিৱৰ্তে এতিয়াৰে পৰা ১,৮৫৬.৫০ টকাত উপলব্ধ হ’ব। কলকাতাত এই চিলিণ্ডাৰ ২,১৩২ টকাৰ পৰিৱৰ্তে ১,৯৬০.৫০ টকাত আৰু মুম্বাইত ১,৯৮০ টকাৰ পৰিৱৰ্তে ১,৮০৮.৫০ টকাত গ্ৰাহকে ক্ৰয় কৰিব পাৰিব। চেন্নাইত বাণিজ্যিক এলপিজি এতিয়া ২,০২১.৫০ টকাত উপলব্ধ হ’ব যাৰ মূল্য আগতে ২,১৯২.৫০ টকা আছিল। আজিৰে পৰা পাটনাত বাণিজ্যিক এলপিজিৰ মূল্য ২,১২২ টকা।