Local, Vocal, Global

আজি ১ মে’, আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস

ডিজিটেল ডেস্ক:- আজি ১ মে। আজি আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস। সমগ্ৰ বিশ্বজুৰি প্ৰতিবছৰেই আজিৰ দিনটো শ্ৰমিক দিৱসৰূপে উদযাপন কৰা হয়।
কিন্তু আজিৰ দিনটো আৰামৰ বাবে নহয়। শ্ৰমিকৰ অধিকাৰ, সুৰক্ষা আৰু সমমৰ্যাদাৰ বাবে কৰা এক দীঘলীয়া সংগ্ৰামৰ স্মৰণ আৰু এই সংগ্ৰামখন আগুৱাই লৈ যোৱাৰ বাবেহে আজিৰ দিনটো পালন কৰা হয়।

বিশ্বৰ বিভিন্ন প্ৰান্তত সংঘটিত হোৱা ঐতিহাসিক শ্ৰমিক আন্দোলন আৰু শ্ৰমিকসকলৰ কষ্ট,ত্যাগৰ প্ৰতি সন্মান জনাই আজি এই দিনটো উদযাপন কৰা হয়।

মে’ দিৱসৰ ইতিহাস ১৯ শতিকাৰ শেষৰ ফালৰ পৰাই আৰম্ভ হয় যেতিয়া আমেৰিকা আৰু ইউৰোপৰ শ্ৰমিকসকলে উন্নত কৰ্ম পৰিস্থিতি আৰু উচিত দৰমহাৰ বাবে যুঁজি আছিল।

১৮৮৬ চনত চিকাগোত হোৱা হেমাৰ্কেট সংঘৰ্ষৰ ফলত কেইবাজনো শ্ৰমিকৰ মৃত্যু হয় আৰু ইয়াৰ ফলত উন্নত শ্ৰম আইন আৰু সুৰক্ষাৰ বাবে আন্দোলনৰ সূচনা হয়। ১৮৮৯ চনৰ আন্তৰ্জাতিক সমাদবাদী ফেডাৰেচন দলসমূহ আৰু ট্ৰেড ইউনিয়নসমূহে ১মে’ৰ দিনটো প্ৰথমবাৰৰ বাবে শ্ৰমিকসকলৰ বাবে উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

১৮৮৬ চনৰ ৪মে’ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ হেইমাৰ্কেচত শ্ৰমিকসকলে নিজৰ দাবীৰে উলিওৱা এক প্ৰতিবাদৰ সময়ছোৱাত আৰক্ষী আৰফু শ্ৰমিকসকলৰ সংঘৰ্ষত প্ৰাণ হেৰুৱাবলগীয়া হৈছিল বহুতে।তাৰেই শ্ৰদ্ধাঞ্জলিৰূপে প্ৰথমবাৰৰ বাবে মে’ দিৱস পালন কৰা হয়।