Local, Vocal, Global

গুজৰাটৰ পৰা আহিল ভাল খবৰ, অম্লানৰ স্বৰ্ণ লাভ

গুজৰাটত অনুষ্ঠিত হৈ থকা ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাৰ পৰা ভাল খবৰ কঢ়িয়াই আনিলে অসম সন্তান অম্লান বৰগোহাঁয়ে৷ শনিবাৰে ৰাষ্ট্ৰীয় ক্ৰীড়া তৃতীয়টো দিনটোত অম্লান বৰগোঁহায়ে লাভ কৰে সোণৰ পদক। ইয়াৰ লগে লগে অসমে ৪টা পদক লাভ কৰিবলৈ সক্ষম হৈছে। পুৰুষৰ ১০০মিটাৰ দৌৰত ১০.৩৮চেকেণ্ড সময়েৰে অম্লানে শ্ৰেষ্ঠত্ব প্ৰতিপন্নৰে সোণৰ পদক অৰ্জন কৰে। অম্লান বৰগোঁহায়ে ১০০ মিটাৰ দৌৰ ১০.২৫ ছেকেণ্ডত সম্পূৰ্ণ কৰি অভিলেখ গঢ়িছিল। ২০১৬ত ৰাষ্ট্ৰীয় ক্ৰীড়াত ১০০ মিটাৰ দৌৰত ১০.২৬ ছেকেণ্ডত সম্পূৰ্ণ কৰি অভিলেখ গঢ়িছিল। ২০২২ বৰ্ষত ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ অম্লান বৰগোঁহায়ে ১০.২৫ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি নতুন অভিলেখ গঢ়ে।