Local, Vocal, Global

বৰপেটা অসামৰিক চিকিৎসালয় পৰিদৰ্শন উপায়ুক্তৰ, PHDU unit মুকলি

আজি বৰপেটা জিলাৰ উপায়ুক্ত আয়ুষ গাৰ্গে কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে৷ পৰিদৰ্শনকালত শিশুৰোগ উচ্চ নিৰ্ভৰশীলতা (paediatric high dependency unit) নামৰ এটি কক্ষ উদ্বোধন কৰে উপায়ুক্ত আয়ুষ গাৰ্গে। লগতে উপায়ুক্ত আয়ুষ গাৰ্গে ঘোষণা কৰি কয় যে এটি ৰাজহুৱা শৌচালয় আৰু কেণ্টিনৰ কাম শীঘ্ৰে কাম আৰাম্ভ হ’ব। ইতিমধ্যে কালি এম্বুলেঞ্চ সেৱা আৰম্ভ দিয়া হৈছে বুলি জানিবলৈ দিয়ে। পৰবৰ্তী সময়ত চিকিৎসালয়খনৰ আন্তগাঁথনিৰ লগতে অন্যান্য সমস্যাসমূহ দূৰ কৰাৰ আশ্বাস প্ৰদান কৰে।