Local, Vocal, Global

চলন্ত ফেৰীৰ পৰা বৰলুইতৰ বুকুত জাঁপ গাভৰুৰ

চলন্ত ফেৰীৰ পৰা এগৰাকী যুৱতীয়ে বৰলুইতত জাপ দিয়াৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী উত্তৰ গুৱাহাটীত৷ গুৱাহাটী সংযোগী ফেৰীৰ পৰা যুৱতীয়ে জাঁপ দিয়া বুলি জানিব পৰা গৈছে৷ জাপ দিয়াৰ পাছতে ব্ৰহ্মপুত্ৰৰ প্ৰৱল সোঁতত ডুব যায় যুৱতীগৰাকী। ৰজাদুৱাৰ ঘাটৰ পৰা গুৱাহাটী অভিমুখী RPL বুঢ়াদিয়া নামৰ ফেৰীখনৰ পৰা বিয়লি ৪.৪৫ বজাত এই কাণ্ড সংঘটিত হৈছে। ফেৰী যাত্ৰী যুৱতীগৰাকীক উদ্ধাৰৰ বাবে চেষ্টা অব্যাহত আছে৷ প্ৰায় ২৫ বছৰীয়া যুৱতীগৰাকীক বৰ্তমানেও পৰিচয় উদ্ধাৰ কৰিব পৰা হোৱা নাই৷