Local, Vocal, Global

মৰিগাঁৱত আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠানত অসম চৰকাৰৰ স্বাস্থ্য, পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্ত

নিউজ ডেস্ক, ৭ ছেপ্তেম্বৰ : বুধবাৰে অসম চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগ আৰু মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ সহযোগত আনন্দৰাম বৰুৱা বঁটা ২০২২ আৰু মানপত্ৰ বিতৰণ অনুষ্ঠান মৰিগাঁও জিলা পুথিভড়াঁল পেক্ষাগৃহতো অনুষ্ঠিত হয়।

বঁটা প্ৰদান অনুষ্ঠানত উপস্থিতহৈ অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তই জিলাখনৰ মুঠ ৬৩৭ জন ছাত্ৰছাত্ৰীৰ ভিতৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভ কৰা দুই কৃৰ্তিমান বিদিশা নাথ, কৌস্তভজ্যোতি নাথৰ লগতে মাধুৰ্য্যপ্ৰতীম নাথ, প্ৰজ্ঞান নাথ, আকাশ বৰা, কাব্যিকা বৰদলৈ, চৈয়দ নাজমুল হকক মানপত্ৰ প্ৰদান কৰে।


মানপত্ৰ বিতৰণ কৰি মন্ত্ৰী কেশৱ মহন্তই কয়যে মুখ্যমন্ত্ৰীৰ নেতৃত্বত ৰাজ্যৰ শিক্ষাখণ্ডৰ আমুল পৰিবৰ্তন হৈছে। এইবাৰ শিক্ষাখণ্ডৰ আৰু অধিক উন্নয়নৰ লক্ষ্যৰে সকলো শিক্ষানুষ্ঠানৰ সামগ্ৰীক উন্নয়নৰ বাবে দহ হেজাৰ কোটি টকা ধাৰ্য্য কৰা বুলিও উল্লেখ কৰে মন্ত্ৰী কেশৱ মহন্তই ।

অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে উপায়ুক্ত দেৱাশীষ শৰ্মাই। বঁটা প্ৰদান অনুষ্ঠানৰ সভাত বিধায়ক ৰমাকান্ত দেউৰীয়ে ভাষণ প্ৰসংগত মৰিগাঁওৰ ছাত্রছাত্ৰীসকলক আৰু অধিক সুখ্যাতি অৰ্জণৰ আহ্বান জনাই ।

ছাত্ৰছাত্ৰী, অভিভাৱক আৰু শিক্ষক শিক্ষয়িত্ৰীৰে ভৰপুৰ জিলা পুথিভড়াঁল প্ৰেক্ষাগৃহত মুখ্যমন্ত্ৰীয়ে কলাক্ষেত্ৰত আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰি দিয়া ভাষণৰ পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হয়।