ৱাৰ্মিংহামৰ পৰা জীয়ৰীলৈ পুতলা আনিলে স্বৰ্ণ বিজয়ী নয়নমনি শইকীয়াই
নিউজ ডেস্ক, ১১ আগষ্ট : বৃহস্পতিবাৰে দুপৰীয়া ২.৩০ বজাত জনতা ভৱনত কমনৱেলথ গেমছ, ২০২২ ৰ স্বৰ্ণ পদক বিজয়ী নয়নমনি শৰ্মাক সম্বৰ্ধনা জনালে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
মাতৃক কাষত পায় উৎফুল্লিত হ’ল জীয়ৰী। ৱাৰ্মিংহামৰ পৰা জীয়ৰীলৈ পুতলা আনিলে স্বৰ্ণ বিজয়ী নয়নমনি শইকীয়াই। অসম বাসীৰ মৰম , আদৰ , স্নেহ দেখি আপ্লুত হৈছে নয়নমনি শইকীয়া।
২০২২ চনৰ CWGৰ Lawn Bowlত সোণৰ পদক অৰ্জন কৰি ঐতিহাসিক জয় লাভ কৰা নয়নমনি শইকীয়া আজি গুৱাহাটীত উপস্থিত হয়। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত (Lokpriya Gopinath Bordoloi International Airport, LGBI) তেওঁক উষ্ম আদৰণি জনায়।
পিছত, আবেলি ৪ বজাত Lawn Bowl এছ’চিয়েশ্যনেও CWGত মেডেল লাভ কৰা নয়নমনি শইকীয়াক সম্বৰ্ধনা জনাব।
স্বৰ্ণ পদক বিজয়ী নয়নমনী শইকীয়া বৰ্তমান অসম বন বিভাগত কনিষ্টবল হিচাপে নিযুক্ত হৈ আছে।
উল্লেখ্য যে, সোণৰ পদক অৰ্জন কৰাৰ পাছত বিভাগটোৱে নয়নমনিক অসমৰ DSP হিচাপে পদোন্নতি দিয়াৰ সিদ্ধান্ত লৈছিল।