ভাৰতৰ চতুৰ্দশ উপ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ জগদীপ ধনখৰৰ
নিউজ ডেস্ক, ১১ আগষ্ট : জগদীপ ধনখৰে (Jagdeep Dhankhar) বৃহস্পতিবাৰে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ভাৰতৰ চতুৰ্দশ উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে। ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে (Draupadi Murmu) জগদীপ ধনখৰক উপ ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ কৰায়।
পশ্চিম বংগৰ প্ৰাক্তন ৰাজ্যপালগৰাকীয়ে ঈশ্বৰৰ নামত হিন্দীত শপত গ্ৰহণ কৰিছিল।
তেওঁৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Narendra Modi) , প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুকে (M Venkaiah Naidu) ধৰি বহুতো বিশিষ্ট ব্যক্তি উপস্থিত আছিল।
৬ আগষ্টত অনুষ্ঠিত হোৱা নিৰ্বাচনৰ ভোটগণনা সমাপ্ত হোৱাৰ পিছত জগদীপ ধনখৰক ভাৰতৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি হিচাপে ঘোষণা কৰা হয়।