Local, Vocal, Global

গৰু চোৰাং ব্যৱসায়ৰ গোচৰত গ্ৰেপ্তাৰ মমতা বেনাৰ্জীৰ ঘনিষ্ঠ সহযোগী

নিউজ ডেস্ক, ১১ আগষ্ট : তৃণমূল কংগ্ৰেছৰ (TMC) বীৰভূম (Birbhum) জিলাৰ সভাপতি অনুব্ৰত মণ্ডলক (Anubrata Mondal) বৃহস্পতিবাৰে কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (CBI)য়ে গৰু চোৰাং ব্যৱসায়ৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল।

উল্লেখ্য যে, তেওঁ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ঘনিষ্ঠ সহযোগী বুলি জনা যায়।

আজি CBIৰ এটা দল বীৰভূমৰ বোলপুৰত অৱস্থিত মণ্ডলৰ বাসগৃহত উপস্থিত হৈ গ্ৰেপ্তাৰ কৰে। পৰৱৰ্তীসময়ত TMC নেতাজনক চিকিৎসা পৰীক্ষাৰ বাবে লৈ যোৱা হয়।

খবৰ অনুসৰি, কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (CBI)য়ে ৫ আগষ্টত গৰু চোৰাং ব্যৱসায়ৰ গোচৰৰ সন্দৰ্ভত মণ্ডললৈ জেৰাৰ বাবে জাননী প্ৰেৰণ কৰিছিল আৰু মণ্ডলক ৮ আগষ্ট, সোমবাৰে কলকাতাৰ নিজামৰ প্ৰাসাদৰ CBI কাৰ্যালয়ত হাজিৰ হ’বলৈ কোৱা হৈছিল।

উল্লেখ্য যে, CBIয়ে ২০২০ চনৰ ২১ ছেপ্টেম্বৰত গৰু চোৰাং ব্যৱসায়ৰ গোচৰ সন্দৰ্ভত এজন প্ৰাক্তন সীমান্ত সুৰক্ষা বাহিনীৰ (BSF) কমাণ্ডেণ্টক গ্ৰেপ্তাৰ কৰিছিল। আনহাতে, ঘটনাটোৰ তদন্তৰ সময়ত অনুব্ৰত মণ্ডলৰ নাম স্কেনাৰৰ অধীনলৈ আহিছিল।