গোলাঘাটত চোৰৰ বৃহৎ গেং

গোলাঘাটত পুনৰ সক্ৰিয় চোৰৰ বৃহৎ গেং। কাৰ্ফিউৰ সুযোগ লৈ নগৰখনৰ কেইবাটাও অঞ্চলত চলালে চাফাই অভিযান।শনিবাৰে নিশা গোলাঘাটৰ তিনিটা অঞ্চলত চোৰে সংঘটিত কৰিলে চুৰিকাণ্ড । লাখ লাখ টকাৰ সামগ্ৰী লুটি নিলে চোৰে।গোলাঘাটৰ তপন নগৰৰ অনুপম ফেক্টৰীৰ সমীপত এটা বাসগৃহৰ পৰা নগদ ১ লাখ টকা আৰু প্ৰায় ডেৰ লাখ টকাৰ আ-অলংকাৰ লুটপাট চোৰৰ।নিশাৰ আন্ধাৰত গৃহস্থ শুই থকা অৱস্থাত চলালে এই চুৰিকাণ্ড।শ্ৰীকান্ত গুপ্তা নামৰ লোকজনৰ বাসগৃহত সংঘটিত হয় এই চুৰিকাণ্ড।
অন্যহাতে,নগৰখনৰ নিউ ফিচ মাৰ্কেটৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰাও চোৰে লুটি নিলে নগদ ১০ হাজাৰ টকা।গেলামালৰ দোকানখনৰ দোৱাৰ ভাঙি চোৰে ৰাতিৰ আন্ধাৰত সংঘটিত কৰে এই ঘটনা।পুৱাই গৌৰৱ বাৰ্ণাল নামৰ স্বত্বাধিকাগৰাকীয়ে দোকান খুলিবলৈ বুলি আহি প্ৰত্যক্ষ কৰিলে এই দৃশ্য।
ইপিনে,গোলাঘাটৰ ঘোষ গাৰ্মেন্টচ নামৰ এখন কাপোৰৰ দোকানতো চুৰে চলালে অভিযান।কোনো সা-সামগ্ৰী লুটি নিব নোৱাৰে যদিও দোকানখনৰ দোৱাৰ ভাগি প্ৰৱেশ কৰিবলৈ চেষ্টা চলাইছিল চোৰে। তিনিওটা অঞ্চলত গোলাঘাট আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত প্ৰক্ৰিয়া।