Local, Vocal, Global

গাড়ীৰ ভাড়া বৃদ্ধিৰ ফলত জীয়াতু ভুগিছে সাধাৰণ যাত্ৰীয়ে

ক’ৰনাই ৰাজ্যৰ অৰ্থনীতি বিপন্ন কৰাৰ সময়তে নিজ খেয়ালখুচিমতে যাত্ৰীবাহী বাহনসমূহে ভাড়া বৃদ্ধি কৰি জীয়াতু ভোগাইছে সাধাৰণ যাত্ৰীক। বিশেষকৈ গোলাঘাট জিলাৰ গোলাঘাট-মেৰাপানী পথত যাত্ৰীবাহী বাহনসমূহে অকৰ্তৃত্বশীলভাৱে ১০০% পৰ্যন্ত ভাড়া বৃদ্ধি কৰাক লৈ চকু কপালত উঠিছে সাধাৰণ জনতাৰ। পূৰ্বৰ ৪০ টকা ভাড়াৰ ঠাইত এতিয়া মেৰাপানীৰ পৰা গোলাঘাটলৈ যোৱা যাত্ৰীসকলৰ পৰা বাহনসমূহে এশ শতাংশ বৃদ্ধিৰে ৮০ টকা পৰ্যন্ত সংগ্ৰহ কৰিছে। ইফালে চৰকাৰীপক্ষই ৫০ শতাংশ যাত্ৰীৰে বাহন চলাৰ অনুমতি দিছে যদিও বাহনসমূহে সেই নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই পূৰ্বৰ দৰেই অত্যধিক হাৰত যাত্ৰী কঢ়িয়াই আছে। যাৰ ফলত এতিয়া বাহন কৰ্তৃপক্ষ আৰু পৰিবহণ বিভাগৰ ওপৰত খৰ্গহস্ত হৈ পৰিছে সাধাৰণ যাত্ৰীসকল।