গোলাঘাটত জব্দ চোৰাং কাঠ ভৰ্তি বলেৰ’ পিকআপ
![](https://mynewsne.com/wp-content/uploads/2020/06/Photo-1-wood-seized.jpg)
গোলাঘাট আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত গোলাঘাট এৰেঙ্গাপাৰ সমীপত কাঠভৰ্তি গাড়ীখন জব্দ কৰে আঞ্চলিক বন বিষয়াই। চোৰাং কাঠসমূহ কাৰ্বি আংলং জিলাৰ পৰা গোলাঘাটলৈ আনি থকা অৱস্থাত বন বিভাগে গোপন সূত্ৰৰ পম খেদি জব্দ কৰিবলৈ সক্ষম হয়। নঠি-পত্ৰবিহীন AS-01-LC-3454 নম্ববৰৰ বলেৰ’ পিকআপখনৰ পৰা খকন আৰু চাম কাঠৰ 24 টুকুৰাৰ প্ৰায় 40-50 Cft কাঠ জব্দ কৰে। উল্লেখ্য যে কাষৰীয়া কাৰ্বিআংলং জিলাৰ সীমান্ত বগীজানৰ পৰা গোলাঘাট সংযোগী পথেৰে এতিয়া দৈনিক পাৰ হয় চোৰাং কাঠ ভৰ্তি বাহন। বগীজান থানা আৰু মূৰফুলনী খণ্ড বন কাৰ্যালয়ৰ সন্মুখেদি দিনদুপৰতে পাৰ হয় চোৰাং কাঠভৰ্তি বাহনসমূহ। একেটা অঞ্চলতে কেইদিনমান পূ্ৰ্বে চোৰাং কাঠ ব্যৱসায়ীয়ে বনকৰ্মীক আক্ৰমণ কৰি আঘাত হানে। তৎস্বত্বেও আৰক্ষীয়ে চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে বিহীত ব্যৱস্থাৰ অভিযোগ উঠিছে।