Local, Vocal, Global

বাঘজানত অব্যাহত বিভীষিকাৰ দাৱানল

ক্ৰমান্বয়ে জ্বালামুখীলৈ ৰূপান্তৰিত হৈছে বাঘজান৷ এক ভয়ংকৰ দিশত গতি কৰিছে বাঘজানৰ অগ্নিকাণ্ড৷ বিগত ২২ ঘণ্টাই নিয়ন্ত্ৰণ হোৱা নাই অয়ল ইণ্ডিয়াৰ তেল খাদৰ জুই৷ ১৪ দিনে অহৰহভাৱে গেছ আৰু তেল নিৰ্গমন হোৱাৰ বাবে সমগ্ৰ অঞ্চলৰ গছ-বন শুকাই যোৱাৰ ফলত অধিক ভয়ংকৰভাৱে বৃদ্ধি পাইছে জুই৷ বৰ্তমানলৈকে ৫০টাৰো অধিক ঘৰ জ্বলি চাৰখাৰ হোৱাৰ লগতে ভস্মীভূত হৈছে ৩০খনৰো অধিক বাহন৷ প্ৰায় ৪-৫ কিলোমিটাৰপৰ্যন্ত বিয়পিছে জুই৷ জ্বলি চাৰখাৰ হৈছে হাবি-জংঘলকে আদি কৰি বহুতো জীৱ-জন্তু৷ ঘৰ-বাৰী এৰি পলাইছে শ-শ গঞাই ৷

 

তেলখাদটোৰ নিচেই কাষেৰে বৈ যোৱা ডিব্ৰু নৈ আৰু মাকৰি- মতাপুং বিললৰ মাছ, শিহু মৰি ওপঙিবলৈ ধৰে  ৷ মঙলবাৰে তেলখাদটোত সংঘটিত হয় এক বিস্ফোৰণ ৷ তাৰ পিছত অধিক সংহাৰী ৰূপ লয় জুইয়ে৷
মঙলবাৰৰ তুলনাত কিছু ধোঁৱা কমিছে যদিও এতিয়াও নিয়ন্ত্ৰণলৈ অহা নাই এই ভয়ংকৰ অগ্নিকাণ্ড৷ অশনি সংকেত নামি আহিছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু মাকৰি- মতাপুং বিললৈ৷

বাঘজানৰ ভয়ংকৰ অগ্নিকাণ্ডৰ পিছতে ডাঙৰী আঞ্চলিক ছাত্ৰ সন্থাই অইল ইণ্ডিয়াক সকীয়নি দিয়াৰ লগতে অনিৰ্দিষ্টকাললৈ বন্ধ কৰি দিয়ে মেছেকী তৈলখাদ ৷

see the link: