Local, Vocal, Global

খুমটাইত মাজনিশা উলংগ যুৱতীক লৈ চাঞ্চল্য

গোলাঘাটৰ খুমটাইত নিশা এগৰাকী উলংগ যুৱতীক লৈ উত্তেজনা। খুমটাইৰ ২০নং লাইনৰ সমীপৰ কেপ্টেইন জিন্টু গগৈ পথত সম্পূৰ্ণভাৱে উলংগ এগৰাকী যুৱতীক এখন গাড়ীয়ে নমাই যোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হয়। অচিনাক্ত গাড়ীখনে যুৱতীগৰাকীক নমাই আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে। পথত হঠাৎ এগৰাকী উলংগ যুৱতীৰ আবিৰ্ভাৱে আশ্চৰ্যন্বিত কৰি তোলে সকলোকে। পিছত একাংশই যুৱতীগৰাকীক বস্ত্ৰ পৰিধান কৰাই স্থানীয় মহিলাৰ উপস্থিতিত বহুৱাই ৰাখে পথৰ দাঁতিত। উল্লেখযোগ্য যে, খুমটাই আৰক্ষীক বহুবাৰ খবৰ দিয়াৰ পিছতো উক্ত স্থানত উপস্থিত নহ’ল আৰক্ষীৰ লোক৷ অৱশেষত এখন গাড়ীৰ দ্বাৰা যুৱতীগৰাকীক পঠিওৱা হয় আৰক্ষীচকীলৈ।