Local, Vocal, Global

বিশ্বনাথত কভিড ১৯ ৰ ব্যাপক গণ সংক্ৰমন

  • বিশ্বনাথত কভিড ১৯ ৰ ব্যাপক গণ সংক্ৰমন। বিশ্বনাথৰ বেংক বিষয়া বিজয় শংকৰ দাসৰ চুলিকটা নাপিত সঞ্জীৱ ঠাকুৰৰ সংস্পৰ্শলৈ অহা পৰিয়াল সহ মুঠ ১৪ জনৰ দেহত কভিড ১৯ পজিটিভ।
  • পৰিয়ালৰ এগৰাকী ৮০ বছৰীয়া বৃদ্ধা, শিশু আৰু এগৰাকী গৰ্ভৱতী মহিলাৰ দেহতো ধৰা পৰিছে কভিড ১৯ ৰ অৱস্থিতি।
  • ইয়াকে লৈ এতিয়ালৈকে বিজয় শংকৰ দাসৰ সংস্পৰ্শলৈ অহা মুঠ ২০ জনৰ দেহত ধৰা পৰিছে কভিড ১৯ পজিটিভ।
  • নাপিত সঞ্জীৱ ঠাকুৰৰ সংস্পৰ্শলৈ আহি কভিড ১৯ পজিটিভ হোৱা লোক সকল হৈছে মিকি শৰ্মা(১৪ ),সুলেখা শৰ্মা(৪০), আয়ুস শৰ্মা(১৮)  কুন্দন ঠাকুৰ( ৬)  প্ৰিয়ংকা শৰ্মা(২৫), সাধন দেবী( ২৭), হৰি প্ৰসাদ ঠাকুৰ  (৮৫),পাৰ্ৱতী দেবী (৮০), দিপ্তী শৰ্মা(১০), বীৰেন্দ্ৰ প্ৰসাদ শৰ্মা(৫৬) দোকানী সঞ্জয় প্ৰসাদ,(৩৬) দেবেন্দ্ৰ কুমাৰ (৩৫), মোবাইল দোকানী ৰোহিত জৈন(৩৭), আৰু  নাৰ্চ জুলেখা বাৰ্লা(২৬)।
  • আনহাতে বিশ্বনাথৰ বালিপুখুৰীৰ আৰ্মি কেম্পৰ ৬ জন জোৱানৰ দেহতো ধৰা পৰিছে কভিড ১৯ পজিটিভ।
  • জোৱান সকল হৈছে পৰশুৰাম পাটিল,কিৰন কুমাৰ মাংলে,বি পুজাৰী,ময়ুৰ পাটিল,নীলেশ ধামাল,বিকাশ চৌগোলে।
  • জোৱান সকল কেম্পটোলৈ ৰাজ্যৰ বাহিৰৰ পৰা আহিছিল।