গোলাঘাটত শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ প্ৰতিকৃতি দাহ। চাহ জনজাতিৰ ছাত্ৰ-ছাত্ৰীৰ স্ক’লাৰশ্ৱিপত দুৰ্নীতিৰ অভিযোগত গোলাঘাট জিলা চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ। শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে ছাত্ৰ-ছাত্ৰীৰ বাবে অহা স্ক’লাৰশ্বিপত দুৰ্নীতি কৰাৰ অভিযোগ। উল্লেখযোগ্য যে উচ্চ শিক্ষাৰ স্ক’লাৰশ্বিপৰ বাবে ১০২৫ গৰাকী শিক্ষাৰ্থীক স্ক’লাৰশ্বিপ প্ৰদান কৰাৰ তালিকা প্ৰকাশ কৰাৰ পিছত বৰ্তমান কেৱল ৫১৭গৰাকীক স্ক’লাৰশ্বিপ প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰিছে। এইক্ষেত্ৰত বাকী ৫০৭গৰাকীক বঞ্চিত কৰি শ্ৰমমন্ত্ৰীয়ে ধন আত্মসাতৰ এটা ষড়যন্ত্ৰ কৰাৰ অভিযোগ কৰিছে প্ৰতিবাদী ছাত্ৰ সংগঠনটোৰ নেতাসকলে। ইয়াৰ উপৰিও দয়াল দাস পানিকা স্ব-নিয়োজন আঁচনিৰ জৰিয়তে ১৪ হাজাৰ যুৱক-যুৱতীক আৰ্থিকভাৱে সাহায্য প্ৰদান কৰাৰ কথা আছিল কিন্তু মাত্ৰ পাঁচ হাজাৰৰ এখন তালিকা প্ৰস্তুতত ৰহস্যৰ গোন্ধ পাইছে সংগঠনটোৱে। বিজেপি চৰকাৰৰ প্ৰথমখন বাজেটত স্থান লাভ কৰিছিল চাহ বাগিচা অঞ্চলত ১১৯খন বিদ্যালয় স্থাপন কৰাৰ৷ কিন্তু আজি পাঁচবছৰে এখনো বিদ্যালয় স্থাপন নকৰাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীয়ে। ইয়াকে লৈ গোলাঘাট তেতেলীতলত শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অসম চাহ জনজাতি ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিয়ে।