Local, Vocal, Global

২১ৰ নিৰ্বাচনলৈ কুচকাৱাজ অগপৰ

কভিড-১৯ৰ মাজতে ২০২১ ৰ নিৰ্বাচনক লৈ যেন তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহ। ‘২১ৰ নিৰ্বাচনক লৈ আঞ্চলিক ৰাজনৈতিক দল অগপৰো বাঢ়িছে তৎপৰতা। মন্ত্ৰী তথা অগপৰ সভাপতি অতুল বৰাৰ উপস্থিতিত গোলাঘাটত মংগলবাৰে যোগদান কাৰ্যসূচীয়ে যেন দি গ’ল তাৰেই ইংগিত। আনহাতে নতুন ৰাজনৈতিক দলক তুচ্চ-তাচ্ছিল্য কৰিলে আঞ্চলিক ৰাজনৈতিক দলৰ সভাপতিগৰাকীয়ে।বিশ্বজুৰি কৰ’নাৰ ত্ৰাস, কিন্তু আহি আছে ৰাজ্যত ‘২১ৰ বিধানসভা নিৰ্বাচন।কভিড-১৯ৰ ত্ৰাসৰ মাজতো ৰাজনৈতিক দলসমূহৰ ‘২১ৰ নিৰ্বাচনকেন্দ্ৰিক কুচকাৱাজ অব্যাহত আছে। অগপৰ জন্মস্থান গোলাঘাটত যেন আঞ্চলিক ৰাজনৈতিক দলটোৱে দিলে তাৰেই ইংগিত।মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত চলিল যোগদান পৰ্ব। দললৈ আদৰণি জনালে মন্ত্ৰী অতুল বৰাই। ইপিনে নতুন ৰাজনৈতিক দলক একপ্ৰকাৰ তুচ্চ-তাচ্ছিল্য কৰিলে অতুল বৰাই। অগপ এটা ৰাজনৈতিক দল , এই দল ঘৰে ঘৰে অথবা হোটেলে হোটেলে সৃষ্টি হোৱা দল নহয় । য’ত যি দল গঠন হৈ হ’ব দিয়ক , অগপৰ সদায় স্থিতি সৱল আৰু সৱল হৈ থাকিব !