Local, Vocal, Global

গোলাঘাট নাৰ্ছিং হোমৰ পৰা অসামৰিক চিকিৎসালয়লৈ স্থানান্তৰ কৰা প্ৰসূতিক লৈ চাঞ্চল্য

কৰ’না প্ৰসংগই যেন ক্ৰমাৎ অস্থিৰ কৰি তুলিছে গোলাঘাট জিলাক। বৃহস্পতিবাৰে নিশা গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত সৃষ্টি হ’ল এক অভাৱনীয় পৰিস্থিতিৰ। চিকিৎসালয়খনৰ প্ৰসূতি বিভাগত থকা একাংশ অভিভাৱকে বিচনাতে প্ৰসূতি আৰু নৱজাতকক এৰি বাহিৰত অৱস্থান কৰি সোচ্চাৰ হ’ল স্বাস্থ্য বিভাগৰ বিৰুদ্ধে। তেওঁলোকৰ অভিযোগ গোলাঘাট নাৰ্ছিং হোমৰ পৰা স্থানান্তৰ কৰা চিকিৎসাধীন প্ৰসূতি মাতৃক চিকিৎসালয়খনৰ একেটা প্ৰসূতিকক্ষতে ৰখাৰ ব্যৱস্থা কৰিছিল স্বাস্থ্য বিভাগে৷ এই ঘটনাক কেন্দ্ৰ কৰি চিকিৎসালয়খনত চিকিৎসাধীন প্ৰসূতিৰ অভিভাৱকসকল জাঙুৰ খাই পৰাতহে আছুতীয়া কৰে নাৰ্ছিং হোমৰ পৰা অনা প্ৰসূতি মাতৃগৰাকীক। উল্লেখ্য যে গোলাঘাট নাৰ্ছিং হোমত কৰ্তব্যৰত লেব টেকনিচিয়ান আৰু নাৰ্ছৰ কভিড পজিটিভ অহাৰ পিছত নাৰ্ছিং হোমখনৰ প্ৰসূতি আৰু নৱজাতকক স্থানান্তৰৰ ব্যৱস্থা কৰা হৈছিল। এই ঘটনাক কেন্দ্ৰ কৰি নিশাই চিকিৎসালয়খনত আৰক্ষী মোতায়েন কৰা হয়।