Local, Vocal, Global

গোলাঘাটত দুজন উদ্যমী ব্যক্তিৰ বিশেষ তৎপৰতা

বহি:ৰাজ্যৰ পৰা ঘূৰি অহা যুৱকলৈ সংস্থাপনৰ পথ । কোনো চৰকাৰ বা প্ৰশাসন নহয় দুজন উদ্যমী ব্যক্তিৰ তৎপৰতা । অসম ক্ৰিকেট সন্থাৰ উপসভাপতি পৰিক্ষীত দত্ত আৰু গোলাঘাটৰ সমাজকৰ্মী পুৰ্ণ ৰাজখোৱাই ললে এই আদৰণীয় পদক্ষেপ । লকডাউনত নিজ গৃহলৈ ঘূৰি অহা গোলাঘাট জিলাৰ শালিকীহাটৰ ২৬ গৰাকী যুৱকক মীন পালনৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ দিলে পথ । বহি:ৰাজ্যৰ পৰা ঘূৰি অহা পিছত এই যুৱকসকল হৈ আছিল কৰ্মহীন । শালিকীহাট ৰিডম কৃষি গোটৰ অধীনৰ ফিচাৰীত যুৱক সকলক মীন পালনৰ ব্যৱস্থা কৰি দিয়াৰ লগতে যোগান ধৰে মাছৰ পোণা ।পুখুৰীৰ পাৰত পৰিক্ষীত দত্ত আৰু পুৰ্ণ ৰাজখোৱাই বন্তি জ্বলাই শুভাৰম্ভণি কৰে মীন পালনৰ কাৰ্যসূচী,কৃষি কৰ্মৰে আত্ম নিৰ্ভৰশীল হৈ খিলঞ্জীয়া পথাৰ ,খিলঞ্জীয়া বজাৰ দখলৰ বাবে আহ্বান জনায় সমাজকৰ্মী দুগৰাকীয়ে । যুৱক সকলো এনেধৰণৰ কৰ্ম সংস্থাপন পালে ভৱিষ্যতে বহি: ৰাজ্যলৈ নোযোৱাৰ দিলে প্ৰতিশ্ৰুতি । ব্যক্তিদ্বয়ৰ এনে কাৰ্যক শলাগ লয় অঞ্চলবাসীয়ে ।