সোণাৰিৰ ছেইণ্ট যোচেফ হাইস্কুলক কণ্টেইনমেণ্ট জ’ন ঘোষণা

সোণাৰি পৌৰ এলেকাৰ অন্তৰ্গত চেইণ্ট যোচেফ হাইস্কুলত অৱস্থিত কোৱাৰেণ্টাইন কেন্দ্ৰত এজন ক’ভিড-১৯ ৰোগী চিনাক্ত হোৱাৰ লগে-লগে চৰাইদেউ জিলা প্ৰশাসনে বিদ্যালয়খন কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে। চৰাইদেউ জিলাৰ উপায়ুক্ত পলাশ ৰঞ্জন ঘৰফলীয়াই এক আদেশযোগে উক্ত অঞ্চলটোক পৰৱৰ্তী নিৰ্দেশ নিদিয়াপৰ্যন্ত কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে আৰু সোণাৰি ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰিয়াংশু ভৰদ্বাজক তৎকালে উক্ত অঞ্চলটো ছীল কৰিবলৈ নিৰ্দেশ দিছে।
উক্ত অঞ্চলত কোনো ব্যক্তি বা বাহনৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে আৰু কেৱল অত্যাৱশ্যকীয় সেৱাসমূহহে এই অঞ্চলসমূহত উপলব্ধ হ’ব। এই আদেশ অমান্য কৰিলে আদেশ ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ আৰু বিহীত ব্যৱস্থা গ্ৰহণ কৰিব চৰাইদেউ জিলা প্ৰশাসনে। আনহাতে সোণাৰি ৰাজহ চক্ৰৰ অন্তৰ্গত ৱেলবৰ্ণ ইংৰাজী বিদ্যালয়ত অৱস্থিত কোৱাৰেণ্টাইন কেন্দ্ৰত ক’ভিড-১৯ ৰোগী ধৰা পৰা বিদ্যালয়খনকো কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে।