Local, Vocal, Global

চত্ৰং নৈয়ে নিদ্ৰা হৰণ কৰিছে গহপুৰ নগৰবাসীৰ

গহপুৰৰ নগৰৰ মাজেৰে বৈ থকা চত্ৰং নৈয়ে শুক্ৰবাৰে পুৱতি নিশা নগৰৰ ৫নং ৱাৰ্ডত মথাউৰি ছিঙাৰ লগতে ৬নং ৱাৰ্ডটো মথাউৰি ছিঙি ত্ৰাসৰ সৃষ্টি কৰে। ৱাৰ্ডটোৰ চত্ৰং পাৰত দুমাহ পুৰ্বে মেৰামতি কৰা অংশত পুনৰ মথাউৰি ছিঙাৰ ফলত বিধ্বস্ত হয় খগেন ঠাকুৰীয়া নামৰ লোকজনৰ নিৰ্মিয়মান বাসগৃহটো। পুৱতি নিশা মথাউৰি ছিঙি তীব্ৰ বেগেৰে অহা পানীয়ে খগেন ঠাকুৰীয়াৰ নিৰ্মিয়মান বাসগৃহৰ ফাউণ্ডেশ্যন সম্পুৰ্ন ৰূপে উটুৱাই নিয়াৰ লগতে বৰ্তমান বসবাস কৰি থকা বাসগৃহটোৰো কিছু অংশ বিধ্বস্ত কৰে। গহপুৰ নগৰবাসীৰ বাবে চকুপানী স্বৰূপ হৈ পৰা চত্ৰং নৈৰ মথাউৰি পৰিকল্পিত ভাবে নিৰ্মাণ নকৰাৰ ফলশ্ৰুতিতে প্ৰতিবছৰে জীয়াতু ভূগিব লগা হয়  নগৰখনৰ ২,৩,৫ আৰু ৬নং ৱাৰ্ড বাসীয়ে। জলসম্পদ বিভাগৰ অধীনত থকা মথাউৰিৰ নিৰ্মাণত অভিযন্তা আৰু ঠিকাদাৰে গাফিলতি কৰাৰ বাবেই প্ৰতিবছৰে বাৰিষাত মথাউৰি ছিগি থকাৰ ফল ভূগিব লগা হৈছে নগৰবাসীয়ে।