ৰাজ্যত অব্যাহত কৰ’নাৰ ভয়াৱহতা
ৰাজ্যত অব্যাহত কৰ’নাৰ ভয়াৱহতা। প্ৰতিদিনে বৃদ্ধি সংক্ৰমিত লোকৰ সংখ্যা। বিগত ২৪ ঘন্টাত অৰ্থাৎ শনিবাৰৰ দিনটোত ৰাজ্যত পুনৰ আক্ৰান্ত ১০৫৭ গৰাকী। ইয়াৰ বিপৰীতে শনিবাৰৰ দিনটোত আৰোগ্য লাভ কৰি ঘৰলৈ উভতে ২৩১০ গৰাকী ৰোগীয়ে।কামৰূপ মেট্ৰ’ত আক্ৰান্তৰ সংখ্যা ২৯৩ গৰাকী।
ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত ৭৫,৫৫৮ গৰাকী। বৰ্তমানলৈ ৰাজ্যত ৫৩,২৮৬ গৰাকী ৰোগী আৰোগ্য লাভ কৰাৰ বিপৰীতে মৃত্যু হৈছে ১৮২ গৰাকীৰ। বৰ্তমান ৰাজ্যত চিকিৎসাধীন অৱস্থাত আছে ২২,০৮৭গৰাকী।
২৪ ঘন্টাত অসমৰ স্বাস্থ্য বিভাগে ২০৮০৫ গৰাকী লোকৰ SWAB পৰীক্ষা সম্পন্ন কৰে। ২৪ ঘন্টাত অসমত কৰ’নাত আক্ৰান্তৰ হাৰ ৫.০৮ শতাংশ।