Watch | Goalapar eviction: গোৱালপাৰা কৃষ্ণাই বিদ্যাপাৰা পুৱাৰে আৰম্ভ বনবিভাগৰ উচ্ছেদ অভিযান
গোৱালপাৰা : গোৱালপাৰা জিলাৰ কৃষ্ণাই পাইকান সংৰক্ষিত বনাঞ্চলত আজি পুৱাৰে পৰা আৰম্ভ হল উচ্ছেদ অভিযান। বনাঞ্চল খনৰ অন্তৰ্গত বিদ্যাপাৰা, বেতবাৰী আদি অঞ্চলত চলালে উচ্ছেদ। প্ৰায় ৫০ খন এক্সেভেটৰৰে চলোৱা হ’ল উচ্ছেদ। বনাঞ্চলখনৰ ১০৩৮ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষৰে পুৱাৰে পৰা চলিল উচ্ছেদ। ১০৮০ টা পৰিয়ালক কৰা হৱ উচ্ছেদ।
ইতিমধ্যে ৭০ শতাংশ লোক জাননীৰ পিচতে নিজেই ঘৰ সমুহ ভাঙি লৈ যায়। নিৰাপত্তা দিশৰ প্ৰতি লক্ষ্য ৰাখি উচ্চেদস্হলিত মোতায়েন কৰা হয় সহস্ৰাধীক আৰক্ষী বাহিনী আৰু বন বিভাগৰলোক। ইপিনে পুৱাৰে পৰা শান্তি পূৰ্ণ ভাৱে উচ্ছেদ অভিযান চলোৱা পৰিলক্ষিত হয়। ৰাইজৰ কেৱল এটাই দাবী আমি উচ্ছেদৰ বিৰোধীতা নকৰো,আমাক সংস্হাপন দিয়ক। নিজৰ আপোন ঘৰখন চকুৰ সন্মুখত এনেদৰে উচ্ছেদ চলোৱা কাৰ্য্য সহ্য কৰিব নোৱাৰি চৰকাৰক তীব্ৰ বাক্যবান কৰে উচ্ছেদিতই।
লগতে পঢ়ক: Watch | South Salmara AAMSU portest: দক্ষিণ শালমাৰাত আমছুৰ বৃহৎ প্ৰতিবাদ কাৰ্যসূচী