Local, Vocal, Global

Girl shot dead in Diphu on Monday night : শোৱাপাটীতে নিশা যুৱতীক গুলীয়াই হত্যা দুৰ্বৃত্তৰ

নিউজ ডেস্ক,১১জুন : ডিফুত চাঞ্চল্যকৰ ঘটনা। শোৱাপাটীতে নিশা যুৱতীক গুলীয়াই হত্যা৷ সোমবাৰে নিশা সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো।

সোমবাৰে নিশা ডিফু শুকুৰী তিছ’পী নামৰ এগৰাকী ২৩ বছৰীয়া যুৱতীক শোৱাপাটীতে গুলীয়াই হত্যা কৰে দুৰ্বৃত্তই। নিশা কেঁচা ঘৰৰ বেৰ ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছিল দুৰ্বৃত্তই। কাৰ্বি আংলং জিলাৰ ডিফুৰ ১২ নং ৱাৰ্ডৰ আৰলং লাংছ’ত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো(Girl shot dead in Diphu on Monday night)।

বৰ্তমান আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে। আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰি মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰিছে।

বৰ্তমানেও জানিব পৰা হোৱা নাই যুৱতীগৰাকীৰ হত্যাৰ কাৰণ ।

লগতে পঢ়ক : Two Killed, 14 Injured As Pickup Van Falls Into Ditch in Nainital : দ’ খাৱৈত বাগৰি পৰিল পিকআপ বাহন; ১৪জন,নিহত ২জন