Local, Vocal, Global

Two Killed, 14 Injured As Pickup Van Falls Into Ditch in Nainital : দ’ খাৱৈত বাগৰি পৰিল পিকআপ বাহন; ১৪জন,নিহত ২জন

নেশ্যনেল ডেস্ক,১০জুন : উত্তৰাখণ্ডৰ নৈনিতালত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা । দেওবাৰ নিশা দ’ খাৱৈত বাগৰি পৰে পিকআপ বাহন । নিয়ন্ত্ৰণ হেৰুৱাই বাহনখন প্ৰায় ১০০ ফুট গভীৰ খাৱৈত বাগৰি পৰে । এই ভংয়কৰ দুৰ্ঘটনাত দুজনকৈ লোক নিহত হোৱাৰ লগতে আহত হয় ১ ৪ গৰাকী লোক ।

এই ভয়ংকৰ দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে স্থানীয় লোকে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু আবত লোকসকলক ততাতৈয়াকৈ উদ্ধাৰ কৰি এখন ব্যক্তিগত বাহনত বেতালঘাট চিএইচচিলৈ লৈ প্ৰেৰণ কৰে(Two Killed, 14 Injured As Pickup Van Falls Into Ditch in Nainital) ।

আহত লোকসকলৰ ভিতৰত এগৰাকী ১৪ বছৰীয়া কিশোৰীও আছিল আৰু পিচত কিশোৰীগৰাকীৰো মৃত্যু হয় । বাকী আহতসকলৰ ভিতৰত ৬ জনক হালদৱানীৰ সুশীলা তিৱাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । তেওঁলোকৰ অৱস্থাও সংকটজনক বুলি জানিব পৰা গৈছে ।

আহতসকলে জনোৱা মতে বেতালঘাট উৎসৱৰ পৰা বজাৰ কৰি আটাইকেইজন লোকে সন্ধিয়া ঘৰলৈ উভতি আহিছিল । তেতিয়াই তেওঁলোকৰ বাহনখন দুৰ্ঘটনাত পতিত হয় । অৱশ্যে দুৰ্ঘটনাটোৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই । আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : ৩ সন্তানক বুকুত বান্ধি এগৰাকী মাতৃৰ কঠোৰ জীৱন সংগ্ৰাম