গৌতম গম্ভীৰক ‘ISIS Kashmir’ পৰা মৃত্যুৰ ভাবুকি

জানিব পৰা মতে পূব দিল্লীৰ বিজেপি সাংসদ আৰু প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰে (Gautam Gambir) ‘আইএছআইএছ কাশ্মীৰ'(ISIS Kashmir) ৰ পৰা মৃত্যুৰ ভাবুকি লাভ কৰিছে। গৌতম গম্ভীৰে দিল্লী আৰক্ষীৰ সৈতে এই সন্দৰ্ভত যোগাযোগ কৰিছে আৰু অভিযোগ কৰিছে যে তেওঁক আইএছআইএছ কাশ্মীৰৰ ফালৰ পৰা মৃত্যুৰ ভাবুকি লাভ কৰিছে। গম্ভীৰে তেওঁৰ অফিচিয়েল ইমেইল আইডিত মেইল যোগে মৃত্যুৰ ভাবুকি পাইছিল।
তেওঁ ভাবুকিৰ পৰিপ্ৰেক্ষিতত পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থাৰ বাবে অনুৰোধ জনাইছে।গৌতম গম্ভীৰে দিল্লী আৰক্ষীৰ কাষ চাপিছে, তেওঁ ‘আইএছআইএছ কাশ্মীৰ’ৰ পৰা মৃত্যুৰ ভাবুকি লাভ কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে। তদন্ত চলি আছে। গম্ভীৰৰ বাসগৃহৰ বাহিৰত নিৰাপত্তা বৃদ্ধি কৰা হৈছে”, ডিচিপি চেণ্ট্ৰেল শ্বেতা চৌহানে কয়।