Local, Vocal, Global

Watch | Gaurav gogoi: ত্ৰিৰংগৰ ৰঙেৰে আলোকিত সমগ্ৰ দেশ

ৱেবডেস্ক: স্বাধীনতা দিৱসক লৈ দেশজুৰি উছাহ। অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈৰ আহ্বান মর্মে দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আজি ৰাজ্যজুৰি জিলা সদৰ ঠাই সমুহত “ত্ৰিৰংগা যাত্ৰা” কাৰ্যসূচী ৰূপায়ন কৰা হয়।

সমগ্ৰ দেশৰ লগতে হোজাইতো ৭৯ সংখ্যক স্বাধীনতা দিৱস পালন কৰা হয়। নেতাজী পইণ্টৰ নেতাজী প্ৰতিমূৰ্তিৰ সন্মুখত পতাকা উত্তোলন কৰে APCCৰ সভাপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে। লগতে উপস্থিত থাকে ৰূপহীহাটৰ বিধায়ক নুৰুল হুদা, জিলা কংগ্ৰেছৰ সভাপতি আৰু কংগ্ৰেছৰ বহু কাৰ্যকৰ্তা। পতাকা উত্তোলনৰ পিছতেই উলিয়াওৱা হয় এক বিশাল ত্রিৰংগা যাত্ৰা । সমান্তৰালকৈ দেখিবলৈ পোৱা গ’ল ৰাজ্যৰ ভিন্ন প্ৰান্তত জিলা কংগ্ৰেছৰ উদ্যোগত দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে“ত্ৰিৰংগা যাত্ৰা”।