WATCH | Gaurav Gogoi : টীয়কৰ বলমাত সাংসদ গৌৰৱ গগৈৰ নিৰ্বাচনী সভা
টীয়ক,২৮এপ্ৰিল : টীয়কৰ বলমাত সাংসদ গৌৰৱ গগৈৰ নিৰ্বাচনী সভা।
বহু হাজাৰ সমৰ্থকে সাংসদ গৰাকীক ঢোলে দগৰে উষ্ম আদৰণি জনাই।
নিৰ্বাচনী সভাত অংশ লৈ সাংসদ গৌৰৱ গগৈয়ে বিজেপি চৰকাৰক সমালোচনাৰে থকা খৰকা কৰে।
নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি পাহৰি প্ৰলোভনত ব্যস্ত বিজেপিৰ চৰকাৰ(Gaurav Gogoi)।
ৰাজ্য চৰকাৰ খন নিবনুৱা সমস্যা সমাধানত চূড়ান্ত ব্যৰ্থ হোৱাৰ বাবে হতাশ গ্ৰস্ত যুৱক সকল শিল,কয়লা,বালি চিণ্ডিকেটৰ জড়িত হবলৈ বাধ্য হৈছে।
গছ পুলি ৰোপন কৰিলে দহ হাজাৰ, প্ৰত্যেকৰে একাউন্টত পোন্ধৰ লাখ টকা সোমাল নে বুলি সাংসদ গৰাকীয়ে প্ৰশ্ন কৰে ৰাইজক ।
ছয় জনগোষ্ঠীৰ জনজাতিকৰণ, বাগিচাৰ শ্ৰমিকক মজুৰি বৃদ্ধি হল নেকি বুলিও প্ৰশ্ন কৰে সাংসদ গৰাকীয়ে।
মুখ্যমন্ত্ৰী গৰাকীয়ে নিৰ্বাচনী বিধি উলংঘন কৰাটো নতুন কথা নহয় । অনিয়ম সংঘটিত কৰাটো মুখ্যমন্ত্ৰীৰ এটা স্বভাৱ ।
গৌৰৱ গগৈলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰক্ষেপ কৰা তিনিটা প্ৰশ্নৰ সাংবাদিকে উত্তৰ বিচৰাত সাংসদ গৰাকীয়ে কয় যে SITক সহযোগ কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছতো ছেপ্টেম্বৰলৈকে পাকিস্তান ভ্ৰমণৰ তথ্য ফাদিল কৰিবলৈ ৰৈ থকাটোও মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক অভিসন্ধি বুলিহে কটাক্ষ কৰে আৰু সাংসদ গৰাকীয়ে চিণ্ডিকেট সন্দৰ্ভত তেওঁ মুখ্যমন্ত্ৰীৰ পৰা বিচৰা প্ৰশ্নৰ উত্তৰ প্ৰথমে দিবলৈ আহ্বান জনায়।
আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ভাল হব আৰু কংগ্ৰেছে দখল কৰিব পঞ্চায়ত বুলিও সদৰি কৰে সাংসদ গৌৰৱ গগৈয়ে।
লগতে পঢ়ক : WATCH | Gelakey News : নামতি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী