Local, Vocal, Global

দেশত পুনৰ দলবদ্ধ ধৰ্ষণ

নিউজ ডেস্ক, ৭ আগষ্ট : দেশত পুনৰ দলবদ্ধ ধৰ্ষণ। ত্ৰিপুৰাত চাৰিজনীয়া যুৱকৰ এটা দলে এগৰাকী ১৫ বছৰীয়া নাবালিকা যুৱতীক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

বাতৰি অনুসৰি, ঘটনাটো উত্তৰ ত্ৰিপুৰা (North Tripura ) জিলাত সংঘটিত হৈছিল।

ঘটনাটোৰ পিছত, আৰক্ষীয়ে জনাইছিল যে মুঠ চাৰিজন অভিযুক্তৰ বৰ্তমান সময়লৈকে তিনিজনক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু বৰ্তমান চতুৰ্থ অভিযুক্তজনক ধৰিবলৈ অভিযান চলি আছে।

খবৰ অনুসৰি নাবালিকা ছোৱালীজনী সন্ধিয়া টিউচনৰ পৰা উভতি অহাৰ সময়ত অপহৰণ হৈছিল, আৰু যাৰ পিছত অভিযুক্তকেইজনে তাইক এখন অৰণ্যলৈ লৈ গৈ ধৰ্ষণ কৰিছিল।

পিছত, তেওঁলোকে ছোৱালীজনীক এখন খেলপথাৰত এৰি দিছিল।

সম্প্ৰতি, ভুক্তভোগী ছোৱালীজনী এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।