Local, Vocal, Global

CRPF জোৱান আৰু আৰক্ষীৰ সহযোগত নগাঁৱত ‘ত্ৰিৰঙ্গা যাত্ৰা’

নিউজ ডেস্ক, ৭ আগষ্ট : স্বাধীনতাৰ ৭৫ তম বছৰ উপলক্ষে আৰম্ভ কৰা ‘হৰ ঘৰ তিৰঙ্গা’ অভিযানৰ অংশ হিচাপে কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনীৰ (CRPF) জোৱানসকলে আৰক্ষীৰ সহযোগত অসমৰ নগাঁৱত ‘তিৰঙ্গা যাত্ৰা’ৰ জৰিয়তে মানুহৰ মাজত সজাগতা বিয়পাই ।

সমদলটোত প্ৰায় ১৫০ জন সামৰিক কৰ্মীয়ে অংশগ্ৰহণ কৰিছিল।

চিআৰপিএফৰ কমাণ্ডেণ্ট শিৱ শংকৰ উপাধ্যায়ে কয় যে, “হৰ ঘৰ তিৰঙ্গা’ হৈছে ভাৰতৰ স্বাধীনতাৰ ৭৫ তম বছৰ উপলক্ষে এটা অভিযান। মই সকলোকে অনুৰোধ জনাইছো যে ১৩-১৫ আগষ্টৰ ভিতৰত তেওঁলোকৰ ঘৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন বা প্ৰদৰ্শন কৰি ‘হৰ ঘৰ তিৰঙ্গা’ অভিযানক গণ আন্দোলনলৈ পৰিৱৰ্তন কৰক,”।

সমদলটোত অংশগ্ৰহণ কৰা এজন স্থানীয় আৰক্ষীয়ে কয়, “স্বাধীনতাৰ ৭৫ বছৰ উদযাপন আৰু স্মৰণৰ বাবে এই যাত্ৰা আৰম্ভ কৰা হৈছে।”

আজাদী কা অমৃত মহোৎসৱ হৈছে ভাৰত চৰকাৰৰ স্বাধীনতাৰ ৭৫ বছৰ আৰু ভাৰতৰ জনসাধাৰণ, সংস্কৃতি আৰু কৃতিত্বৰ গৌৰৱময় ইতিহাস উদযাপন আৰু স্মৰণকৰাৰ এক প্ৰচেষ্টা। আৰু তাৰ এটা কাৰ্য্যসূচী হৈছে ‘হৰ ঘৰ তিৰঙ্গা’ অভিযান।

কাৰ্যসূচীটোৰ উদ্দেশ্য হৈছে ৰাষ্ট্ৰীয় পতাকাৰ সৈতে সম্পৰ্কটো কেৱল আনুষ্ঠানিক বা প্ৰতিষ্ঠানগত কৰি ৰখাৰ সলনি অধিক ব্যক্তিগত কৰা। জনসাধাৰণৰ হৃদয়ত দেশপ্ৰেমৰ অনুভূতি কঢ়িয়াই অনা আৰু ত্ৰিৰংগা সম্পৰ্কে সজাগতা বৃদ্ধি কৰাৰ বাবে আৰম্ভ কৰিছে এই কাৰ্যসূচী।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক আন্দোলনক সমৰ্থন কৰিবলৈ তেওঁলোকৰ সামাজিক মাধ্যমৰ ছবি ত্ৰিৰংগালৈ সলনি কৰিবলৈ আহ্বান জনাইছিল।