Local, Vocal, Global

Ganeshguri Road Accident: মহানগৰীত শোকাৱহ দুৰ্ঘটনা, স্কুলৰ বাছৰ খুন্দাত নিহত ছাত্ৰীৰ

গুৱাহাটী, ৮জুন : পুনৰ মহানগৰীত শোকাৱহ দুৰ্ঘটনা। মহানগৰীৰ গণেশগুৰিত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা(Ganeshguri Road Accident)। অভিজাত শিক্ষানুষ্ঠান ৰয়েল গ্ল’বেল স্কুলৰ বাছৰ খুন্দাত নিহত এগৰাকী ছাত্ৰী। হাতীগাওঁস্থিত লিটিল ফ্লাৱাৰ স্কুলৰ একাদশ শ্ৰেণীৰ ছাত্ৰী প্ৰিয়া কুমাৰী জ্যেষ্ঠ ভগ্নীৰে স্কুটিত বিদ্যালয়লৈ গৈ থকাৰ অৱস্থাতে সংঘটিত হয় এই শোকৱহ দুৰ্ঘটনাটো। দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত হয় নিহত প্ৰিয়া কুমাৰীৰ জ্যেষ্ঠ ভগ্নীও। তেওঁক ভৰ্তি কৰোৱা হয় হাস্পতালত। স্থানীয় লোকৰ মতে অতি দ্ৰুত বেগেৰে আহিছিল ৰয়েল গ্ল’বেল স্কুলৰ বাছখনে( school bus belongs to Royal global School)। গণেশমন্দিৰ পাৰ হোৱাৰ পাছতে এম এল এ হোষ্টেলৰ কাষতে সংঘটিত কৰে এই দুৰ্ঘটনাটো।

উল্লেখ্য যে, দুৰ্ঘটনা সংঘটিত হোৱা স্থানতে ৰাজপথৰ মাজলৈকে জাইকাই পাইপ মেৰামতিৰ বাবে খান্দি থৈছে এটা প্ৰকাণ্ড গাঁত। স্থানীয় লোকৰ মতে গাতটোৰ বাবেই সংঘটিত হ’ল এই ভয়ংকৰ দুৰ্ঘটনাটো।

আনহাতে দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে বাছখনে।বাছ খনৰ নম্বৰ AS 01 PC 7411 বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজে ইয়াৰ পাছতে ৰাজপথতে ৰয়েল গ্ল’বেল স্কুলৰ আন আন বাছসমূহ আৱদ্ধ কৰি ৰাখে। ফলত গোটেই পথছোৱাত যানবাহনৰ চলাচল প্ৰায় স্তব্ধ হৈ পৰে। দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে ৰাইজে ১০৮ এম্বুলেঞ্চ সেৱাক ফোন কৰে যদিও প্ৰায় ৪৫ মিনিট পলমকৈ এম্বুলেঞ্চ গৈ ঘটনাস্থলীত উপস্থিত হয়। যাৰ বাবে স্থানীয় লোকে ৰাজপথৰ মাজতে বগা কাপোৰেৰে নিহত ছাত্ৰী প্ৰিয়া কুমাৰীৰ মৃতদেহ ঢাকি ৰাখে(Ganeshguri Road Accident)মহানগৰীত শোকাৱহ দুৰ্ঘটনা,স্কুলৰ বাছৰ খুন্দাত নিহত ছাত্ৰী

তথ্য অনুসৰি, এই দুৰ্ঘটনা সংঘটিত হোৱাৰ প্ৰায় ১ ঘণ্টা পলমকৈ ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। আৰক্ষী উপস্থিত হোৱাৰ পাছতে পৰিস্থিতি আৰু অধিক উত্তপ্ত হৈ পৰে। ৰাইজে আৱদ্ধ কৰি থোৱা স্কুল বাছ কেইখনক আৰক্ষীয়ে যাবলৈ দিয়াত পৰিস্থিতি আৰু অধিক উত্তপ্ত হৈ পৰাৰ লগতে স্থানীয় লোকে আৰক্ষীকক জবাবদিহি কৰে।

জানিব পৰা মতে, দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা বাছখন বশিষ্ঠ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে(Basistha police seized the school bus)। আৰু চালকজনকো আটক কৰিছে। চালকজনৰ নাম বিপুল বড়ো বুলি জানিব পৰা গৈছে(Driver Arrested And School Bus Seized)।

উল্লেখ্য যে, ৰাতিপুৱা সময়ছোৱাত ট্ৰেফিক পইণ্টসমূহত যানবাহন নিয়ন্ত্ৰণ কৰিবলৈ নাথাকে কোনো যানবাহান আৰক্ষীৰ লোক। বিশেষকৈ গণেশগুৰিৰ পৰা হাতীগাওঁ চাৰিআলিলৈকে এই গোটেই পথছোৱাত পুৱাৰ এই সময়খিনিত ভয়ংকৰ যানজটৰ সৃষ্টি হয়।

এই সময়খিনিত যদি ৰাজপথত যানবাহন আৰক্ষীয়ে বাহনসমূহ নিয়ন্ত্ৰণ নকৰে তেন্তে অধিক যানজটৰ সৃষ্টি হব আৰু এনেধেৰণৰ আন বহু ঘটনা যে সংঘটিত হ’ব সেয়া নিশ্চিত।

এতিয়া প্ৰশ্ন হল কোনে নিয়ন্ত্ৰয় কৰিব এই স্কুল বাছসমূহ?

লগতে পঢ়ক : Delhi Crime: চন্দুকত উদ্ধাৰ দুটি শিশুৰ মৃতদেহ