Local, Vocal, Global

Daily Horoscope for 8th june : কেনে যাব আপোনাৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: গণেশৰ কৃপাত আজি আপোনাৰ সকলো আশা পূৰ হ’ব ৷ পাৰিবাৰিক সম্পৰ্ক উন্নত হ’ব আৰু আলোচনাৰ ফল উন্নত হ’ব ৷ মাতৃৰ ফালৰ পৰা ভাল ফল লাভ কৰিব ৷ চৰকাৰী কামৰ বাবে ভ্ৰমণত যাব লগা হ’ব পাৰে ৷

বৃষ ৰাশি: বিদেশ ভ্ৰমণৰ যোগ আছে, ভ্ৰমণে সুফল কঢ়িয়াই আনিব ৷ গ্ৰহৰ প্ৰভাৱত আজি আৰম্ভ কৰা নতুন কামত বহুত লাভ দেখা যায় ৷ ধৰ্মীয় স্থান পৰিভ্ৰমণ কৰি নতুন কিবা এটা কৰাৰ প্ৰেৰণা লাভ কৰিব ৷ বিদেশত থকা আপোনাৰ আপোনজনৰ পৰা ভাল খবৰ আশা কৰিব পাৰে ৷ মুৰৰ বিষ আৰু কাহে আপোনাক অলপ দুৰ্বল কৰি তুলিব পাৰে ৷

মিথুন ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে সুগম যেন লগা নাই৷ আজি আপোনাৰ আশাবোৰ মনৰ ভিতৰতে সোমোৱাই ৰাখক ৷আজি আপুনি নতুন একো আৰম্ভ কৰাৰ পৰা বিৰত থাকক ৷ অচিনাকি জনৰ লগত ভ্ৰমণত নাযাব ৷বাদ বিবাদৰ পৰা আতঁৰি থাকক ৷

কৰ্কট ৰাশি:আজি আপোনাৰ দিনটো এটা শুভ দিন ৷ বিদেশৰ পৰা অহা বেলেগ সংস্কৃতিৰ মানুহক লগ পাব আৰু তেওঁৰ দ্বাৰা আপুনি প্ৰভাবিত হ’ব ৷ সন্মান বৃদ্ধি হ’ব ৷ ভাল খাদ্য আৰু আনন্দৰে আপোনাৰ সাফল্য সকলোৰে লগত ভগাই লওক ৷

সিংহ ৰাশি: আপোনাৰ ওপৰত গ্ৰহৰ মিশ্ৰিত প্ৰভাব পৰিব ৷ কাৰ্য্যক্ষেত্ৰত সহকৰ্মি সকলৰ সহযোগিতা লাভ কৰিব ৷ কিন্তু আপোনি ঘৰুৱা নিয়মিত কামবোৰত কিছু বাধা পাব ৷ ঘৰত ডাঙৰ সকলৰ বা কৰ্মক্ষেত্ৰত বচৰ লগত তৰ্ক বিতৰ্কৰ পৰা আতৰি থাকক ৷ সকলোবোৰ যেনেকৈ আছে তেনেকৈয়ে গ্ৰহণ কৰক ,সুখি হ’ব ৷

কন্যা ৰাশি: সন্তানৰ বাবে আৰু প্ৰিয়জনৰ বাবে চিন্তাই আপোনাক শান্তিত থাকিবলৈ নিদিয়ে ৷ আপোনাৰ শৰীৰ বিশেষকে পেট আৰু লিভাৰৰ অশুখত ভুগিব পাৰে ৷আপোনাৰ প্ৰিয়জনৰ লগত কটোৱা সময়ে আৰু বন্ধুৰ লগত কটোৱা সময়ে আপোনাৰ বাবে ঔষধৰ কাম কৰিব ৷ শান্ত থাকক ।

তুলা ৰাশি: আজি আপুনি মানসিক ভাবে দূৰ্বল অনুভব কৰিব আৰু বেছি দুখী অনুভব কৰিব ৷ মাতৃ বা আন কোনো মহিলাৰ সহযোগত আপোনাৰ বিবাহৰ যোগাযোগ হ’ব পাৰে ৷পানীৰ পৰা আতৰি থাকক আৰু অলপ দিন সাঁতোৰৰ ক্লাচৰ পৰা অব্যাহতি লওক ৷ ভ্ৰমণৰ পৰা বিৰত থাকক ৷ আইনৰ লগত জড়িত কামত অলপ সাৱধান হওক ৷ পৈতিক সম্পত্তিৰ ক্ষেত্ৰত কাম অলপ দেৰি হ’ব ৷

বৃশ্চিক ৰাশি: বন্ধুৰ সংগ আৰু আনন্দৰে এই দিনটো পাৰ হ’ব ৷ এটা পুৰ্ণ আনন্দদায়ক দিন ৷ আপুনি কৰা সকলো কামৰ শুভ ফল লাভ কৰিব আৰু যিয়ে আপোনাৰ মুখত হাহিঁ বিৰিঙাব ৷সৰু কিন্তু ভাললগা ভ্ৰমণত যাব পাৰে ৷ প্ৰিয়জনৰ লগত আৰু সহযোগিৰ লগত আনন্দৰে সময় পাৰ কৰক ৷

ধনু ৰাশি: আপোনাৰ প্ৰিয়জনক আজি কৰবালৈ ফুৰিবলৈ নপঠিয়াব যিয়ে আপোনাক দিনটো চিন্তাত পেলাব ৷ পৰিয়ালৰ লোকৰ অসহযোগত অসন্তুষ্ট হৈ খঙ নকৰিব ৷ তেওঁলোকে কৰিবলৈ বিচৰা কাম তেওঁলোকক কৰিবলৈ দিয়ক ৷ চিন্তা নকৰিব ইয়াৰ ফল শুভ হ’ব ৷ শান্ত থাকক৷

মকৰ ৰাশি: ভাবি চিন্তি পদক্ষেপ গ্ৰহণ কৰিব । আজি আপোনাৰ সৰুসুৰা দুৰ্ঘটনা হ’ব পাৰে । দীঘলীয়াকৈ এটা উশাহ লৈ মুখত হাঁহি বিৰিঙাই লওঁক, কাৰণ আজিৰ দিনটোত আপোনাৰ বাবে কিছু সুখকৰ ঘটনাই অপেক্ষা কৰি আছে । প্ৰিয়জন আৰু বন্ধুৰ সৈতে সাক্ষাৎ আপোনাক অধিক আনন্দ দিব । আজি আপোনাৰ বাবে দাম্পত্য আৰু মানসিক শান্তিৰ যোগ আছে ।

কুম্ভ ৰাশি: আপুনি নিজৰ শৰীৰক সুস্থ সবল ৰাখিবলৈ শৰীৰ চৰ্চাত ভাগ লোৱাৰ পিছতো মাজতে এৰি দিছে সেয়া আকৌ আৰম্ভ কৰক । সতৰ্ক থাকক । আপুনি নিজৰ স্বাভাৱিক জীৱনযাত্ৰাক বহুত আগতেই বেয়া কৰি পেলাইছে, পিছলৈ আপুনি যদি অসুস্থ হ’ব নিবিচাৰে তেতিয়া হ’লে নিজৰ জীৱনযাত্ৰাক ঠিক কৰি লওঁক । ভালকৈ সকলো দিশ চালিজাৰি নোচোৱাকৈ ক’তো কোনো বিনিয়োগ নকৰিব । ব্যয়বৃদ্ধি হ’ব পাৰে

মীন ৰাশি: হঠাৎ ধনাগমণ হ’ব পাৰে ৷ লটাৰিত টকা পোৱাৰ সম্ভাৱনা আছে ৷ সন্তানৰ বিষয়ত ভাল খবৰ আহিব পাৰে ৷ পুৰণি আৰু ভাল বন্ধু লগ পাব ৷

লগতে পঢ়ক :President Murmu Serbia visit: চাৰিদিনীয়া ভ্ৰমণসূচীৰে ছাৰ্বিয়াত উপস্থিত ৰাষ্ট্ৰপতি মূৰ্মু