Student suicide : উচ্চতৰ মাধ্যমিক পৰীক্ষাত অনুত্তীৰ্ণ হোৱাৰ বাবে চৰম সিদ্ধান্ত ছাত্ৰৰ

দলগাঁও, ৮জুন : আত্মহত্যা জানো শেষ উপায় ।প্ৰায় প্ৰতিদিনেই আমি আত্মহত্যাৰ খবৰৰ শুনিবলৈ পাঁও। কোনোবাই যদি পঢ়াৰ চাপ, কোনোবাই প্ৰেমজনিত কাৰণ বা অন্য কাৰণত পৰি এই চৰম পন্থা বাছি লোৱা দেখা যায়।এইবাৰ পুনৰ ছাত্ৰৰ আত্মহত্যা(Student suicide)।
দলগাঁৱৰ বটাবাৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনাৰ। দলগাঁৱৰ বটাবাৰীত বিজয় ৰঞ্জন বড়ো নামৰ এগৰাকী ছাত্ৰই বাছি ল’লে আত্মহত্যাৰ দৰে চৰম পথ। ছাত্ৰজনৰ আত্মহত্যাৰ পিছতে সৃষ্টি হয় অঞ্চলজুৰি চাঞ্চল্যৰ।এইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষা দিছিল বিজয় ৰঞ্জন বড়ো নামৰ ছাত্ৰজনে।বিজয় ৰঞ্জন বড়ো মঙ্গলদৈ ব্ৰিলিয়েন্ট একাডেমীৰ বাণিজ্য শাখাৰ ছাত্ৰ আছিল ।
উল্লেখ্য যে ,উচ্চতৰ মাধ্যমিক পৰীক্ষাত অনুত্তীৰ্ণ হোৱাৰ বাবেই চৰম সিদ্ধান্ত বাছি লয় ছাত্ৰজনে ৷ বিদ্যুতৰ তাৰেৰে চিপ লৈ আত্মহত্যা কৰে ছাত্ৰ জনে। ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ বিৰাজ কৰিছে।আত্মহত্যাৰ পূৰ্বে ছাত্ৰজনে লিখি থৈ গৈছিল এখন ছুইছাইড নোট(Student suicide।
ছুইছাইড নোটখন লিখি আত্মহত্যা কৰে ছাত্ৰ জনে ।ছুইছাইড নোটখনত ছাত্ৰজনে লিখিছে…. “Papa sorry for thaking this path… দেউতা পৰীক্ষাটোত ভালকৈয়ে লিখিছিলো, নাজানো কোনে এনেকুৱা কৰিলে”।
জানিব পৰা মতে, ছাত্ৰ জনে উচ্চতৰ মাধ্যমিক পৰীক্ষাত ফলাফলত English ত ৩০, MIL ত ৩৩, Accountancy ত ৪১, Business Studies ত ১৬, Finance ত ৩১ আৰু Economics ৰ Theoryত ১৯ আৰু Practical ত ১৮ নম্বৰ লাভ কৰিছিল । ঘটনাক কেন্দ্ৰ কৰি গাঁও খনত শোকৰ ছাঁ বিৰাজ কৰিছে ।
লগতে পঢ়ক : Ganeshguri Road Accident: মহানগৰীত শোকাৱহ দুৰ্ঘটনা, স্কুলৰ বাছৰ খুন্দাত নিহত ছাত্ৰীৰ