ফ্লাই অ’ভাৰৰ কেনভাচ
গণেশগুৰিৰ উৰণীয়া সেঁতুৰ পৰিবৰ্ধিত নৱ-নিৰ্মিত অংশ দেখি হয়তো আপোনাৰ চকু থৰ হৈ যাব। উৰণীয়া সেঁতু খনৰ নৱ-নিৰ্মিত অংশত প্ৰৱেশ কৰিলে আপুনি দেখিব চকু ছাট মাৰি ধৰাকৈ জিলিকি থকা অসমীয়া কৃষ্টি-সংস্কৃতিৰ বৰ্ণিল আভাস।
এজন অখ্যাত চিত্ৰ শিল্পী।নাম তেওঁৰ লখেশ্বৰ বডো। এইজন যুৱ শিল্পীৰ নেতৃত্বত চিত্ৰ শিল্পীৰ দল এটাই অভিনৱ পৰিকল্পনাৰে সজাই পৰাই তুলিছে উৰণীয়া সেঁতুখনৰ নৱ-নিৰ্মিত অংশটো।
ইয়াত দেখা গৈছে অসম বুৰঞ্জীৰ লগতে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠিৰ কৃষ্টি সংস্কৃতিৰ চানেকি। যেন গণেশগুৰিৰ এই স্থান হৈ পৰিছে এখন ক্ষুদ্ৰ অসম।