Local, Vocal, Global

ডি এল এড পাঠ্যক্ৰমৰ নামত ব্যাপক জালিয়াতি,গণৰোষৰ কৱলত কলেজৰ অধ্যক্ষ

ৰণথলীলৈ পৰ্যবসিত হ’ল শিক্ষানুষ্ঠান । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ হস্তক্ষেপ। ডি এল এডৰ পাঠ্যক্ৰমৰ নামত লাখ লাখ টকা সংগ্ৰহ কৰি এইবাৰ শিক্ষাৰ্থীৰ ৰোষৰ বলি হ’ল নগাঁৱৰ SRK জুনিয়ৰ কলেজৰ অধ্যক্ষ জাকিৰ হুছেইন বৰভূঞা । বিভিন্ন পাঠ্যক্ৰমৰ ডিপ্লমা প্ৰদানৰ নামত লাখ লাখ টকা সংগ্ৰহ কৰি কমদিনৰ ভিতৰতে অগাধ সম্পত্তিৰ অধিকাৰী হৈ পৰা জাকিৰ হুছেইন বৰভূঞাৰ এই বিতৰ্কিত শিক্ষানুষ্ঠানখন সোমবাৰে বিয়লি পৰ্যবসিত হ’ল ৰণথলীলৈ । একাংশ ভুক্তভোগী শিক্ষাৰ্থীয়ে আহি পাঠ্যক্ৰমৰ নামত সংগ্ৰহ কৰা ধন ওভতাই বিচাৰি উত্তাল কৰি তোলে শিক্ষানুষ্ঠানখনৰ চৌহদ । যাৰবাবে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় SRK কলেজত । এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা শিক্ষাৰ্থী সকলক বাধা প্ৰদান কৰিবলৈ গুণ্ডা বাহিনীও নিয়োগ কৰাৰ অভিযোগ উঠিছে কলেজ কৰ্ত্তৃপক্ষৰ বিৰুদ্ধে । যাৰবাবে শিক্ষাৰ্থীৰ সৈতে হতাহতিৰো সৃষ্টি হয় । পিছত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি । উল্লেখ্য যে , ২০১৮ বৰ্ষৰ পৰাই ডি এল এডৰ দুবছৰীয়া পাঠ্যক্ৰমৰ প্ৰমাণপত্ৰ প্ৰদানৰ নামত এই SRK কলেজৰ বিৰুদ্ধে বিভিন্ন জালিয়াতিত লিপ্ত থকাৰ অভিযোগ উঠি অহিছে।