Local, Vocal, Global

Watch | Gahpur news: গৰমৰ প্ৰতি লক্ষ্য ৰাখি গৰম বন্ধ দিয়ে কিন্ত অংগণবাড়ী সমূহক নিদিয়ে কিয় ?

গহপুৰ: অংগনৱাডী কৰ্মী সহায়িকা সকললৈ অহা 2 অক্টোবৰ তাৰিখে ভাল খবৰ প্ৰেৰণ কৰিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ যাৰবাবে মুখ্যমন্ত্ৰীক আগতিয়াকৈ শুভেছা জ্ঞাপন কৰিছে গহপুৰৰ অংগণবাড়ী কৰ্মী সহায়িকা সকলে ৷

ইয়াৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰীক আৰু কেইটামান মুকলি অনুৰোধ জনাইছে গহপুৰৰ এই অংগনাবাড়ী কৰ্মী সকলে ৷ তেওঁলোকৰ মতে এই উৎকট গৰমত সকলো বিদ্যালয় গৰমৰ প্ৰতি লক্ষ্য ৰাখি গৰম বন্ধ দিয়ে কিন্ত অংগণবাড়ী সমূহক নিদিয়ে কিয় ? লগতে চৰকাৰে যোগানধৰা খাদ্যসমূহৰ মানদণ্ড উন্নত কৰিব লাগে ৷


তাৰোপৰি অংগণবাড়ী ৰ পৰা তিনি বা চাৰি বছৰ নহওঁতেই শিশু সকলক বেলেগ স্কুললৈ লৈ যায় ৷ যাৰবাবে শিশুৰ সংখ্যা কমি যায় কেন্দ্ৰত ৷এই সকলক ৬ বছৰ লৈকে ৰখাৰ ব্যৱস্থা কৰিব লাগে ৷তাৰো পৰি অভিজ্ঞতা ভিত্তিত কৰ্মী সকলক supervisorপদলৈ উন্নীত কৰক পৰীক্ষা পাতি নহয় ৷

লগতে পঢ়ক: Watch | Mazbat UPPL meeting : ওদালগুৰি জিলাৰ মাজবাটত UPPL দলৰ বিশাল জনসভা