Local, Vocal, Global

আজিৰে পৰা আৰম্ভ জি-২০ বৈঠক…

ডিজিটেল ডেস্কঃ-আজিৰে পৰা আৰম্ভ জি-২০ সন্মিলনৰ প্ৰথম বৈঠক।জি-২০ ৰ বাবে সজাই পৰাই তোলা হৈছে গুৱাহাটী মহানগৰীক।চকু ফুৰালৈ চাৰিওফালে দেখা পাব কেৱল নতুনত্ব।সজাই পৰাই তোলা হৈছে লাইটেৰে ।এক নতুন ৰূপত মহানগৰ।’এক পৃথিৱী, এক পৰিয়াল,এক ভৱিষ্যত’বিষয়বস্তুৰে অনুষ্ঠিত কৰা এই সন্মিলনত এইবাৰ সভাপতিত্ব কৰিব ভাৰতে।তাৰেই পৰিপ্ৰেক্ষিতত অসমতো অনুষ্ঠিত কৰা হ’ব বৈঠক।

২ আৰু ৩ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’ব লগীয়া বৈঠকত বিষয়বস্তু হৈছে ‘বহনক্ষম বিত্ত’।প্ৰথম পৰ্যায়ৰ এই বৈঠক অনুষ্ঠিত হ’ব ৰেডিচন ব্লু হোটেলত।

ইতিমধ্যে পুৱাই জি-২০ সন্মিলনৰ উদ্বোধনী অনুষ্ঠান সম্পন্ন হৈছে।কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই অনুষ্ঠানৰ ভাষন আগবঢ়াই ।কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে উদ্বোধনী অনুষ্ঠান পাছতে ৰেডিছন ব্লু’ত এক সংবাদমেল সম্বোধন কৰে।সংবাদমেলত সৰ্বানন্দ সোণোৱালে কয় যে- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ভাৰতৰ বিভিন্ন চহৰৰ লগতে গুৱাহাটীত জি-২০ বৈঠক অনুষ্ঠিত হৈছে। এই বৈঠকৰ যোগেদি জি-২০ দেশসমূহে জলবায়ুৰ দিশত কেনেদৰে আগবাঢ়িব তাক লৈ আলোচনা কৰা হ’ব।ভৱিষ্যতে মানৱ সমাজে কেনেদৰে শান্তি,প্ৰগতি ,সমৃদ্ধি আৰু মানৱতাৰ বাবে কাম কৰিব পাৰি তাক লৈও জি-২০ বৈঠকত আলোচনা কৰা হ’ব।এই বৈঠকৰ যোগেদি অসমে এটা সুবৰ্ণ সুযোগ লাভ কৰিছে বুলি উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

ভাৰতে জি-২০ বিষয়বস্তুত ”এক পৃথিৱী,এক পৰিয়াল,এক ভৱিষ্যত”সন্নিবিষ্ট কৰা হৈছে।বিষয়বস্তুটোৱে জনমুখী দৃষ্টিভংগীৰে এটা জীৱন -অনুকূল গ্ৰহৰ প্ৰচাৰ- প্ৰসাৰৰ বাবে আন্তঃসংযোগ আৰু সেউজ পৰিবৰ্তনৰ বাৰ্তা ওপৰত গুৰুত্ব আৰোপ কৰিছে।