আজিও বৃদ্ধি পালে ইন্ধনৰ মূল্য, ১৬ দিনত ১৪ বাৰকৈ বৃদ্ধি

নিউজ ডেস্ক,৬ এপ্ৰিলঃ ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে পেট্ৰ’ল-ডিজেলৰ মূল্য। ইন্ধনৰ মূল্যই মাধমাৰ শোধাইছে সাধাৰণ জনতাৰ ওপৰত। পেট্ৰ’ল, ডিজেলৰ লগতে ৰন্ধন গেছ, জীৱনদায়িনী ঔষধ, খাদ্য সামগ্ৰীৰ আকাশলঙ্ঘী মূল্যবৃদ্ধিয়ে কোঙা কৰি তুলিছে সাধাৰণ জনতাক।
আজি গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ’লত দাম বৃদ্ধি পালে ১.০৪ টকাকৈ। এই বৃদ্ধিৰ ফলত গুৱাহাটীত আজি প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ১০৫.৮১ টকা। আনহাতে, ডিজেলত আজি বৃদ্ধি পালে ৯৯ পইচাকৈ। গুৱাহাটীত আজি প্ৰতিলিটাৰ ডিজেলৰ দাম হৈছেগৈ ৯১.৫৫ টকা।
ইফালে, কামৰূপ (গ্ৰাম্য)ত পেট্ৰ’লৰ দাম ১০৫.৮১ টকা, ডিজেল ৯১.৫৫ টকা প্ৰতিলিটাৰত।
বৰপেটাত পেট্ৰ’লৰ দাম ১০৬.৩২ টকা, ডিজেল ৯২.০২ টকা প্ৰতিলিটাৰত।
বঙাইগাঁৱত পেট্ৰ’লৰ দাম ১০৫.৬৫ টকা, ডিজেল ৯১.৩৯ টকা প্ৰতিলিটাৰত।
দৰঙত পেট্ৰ’লৰ দাম ১০৬.০৭ টকা, ডিজেল ৯১.৭৮ টকা প্ৰতিলিটাৰত।
ডিব্ৰুগড়ত পেট্ৰ’লৰ দাম ১০৬.৭৪ টকা, ডিজেল ৯২.৪০ টকা প্ৰতিলিটাৰত।
নগাঁৱত পেট্ৰ’লৰ দাম ১০৬.৮২ টকা, ডিজেল ৯২.৫৭ টকা প্ৰতিলিটাৰত।
লখিমপুৰত পেট্ৰ’লৰ দাম ১০৮.১২ টকা, ডিজেল ৯৩.৭০ টকা প্ৰতিলিটাৰত।