Local, Vocal, Global

হাইলাকান্দিত উদ্ধাৰ ২৫ লাখ টকাৰ চুৰি মোবাইল, গ্ৰেপ্তাৰ দুই চোৰ

নিউজ ডেস্ক,৬ এপ্ৰিলঃ হাইলাকান্দি আৰক্ষীৰ বৃহৎ সাফল্য। চুৰি হোৱাৰ ২৪ ঘণ্টাৰ ভিতৰত উদ্ধাৰ কৰে ২০ লক্ষাধিক টকাৰ মোবাইল।

বিগত ৪ মাৰ্চ তাৰিখে হাইলাকান্দি চহৰৰ এখন ব্যৱসায়ীক প্ৰতিষ্ঠানৰ পৰা ২৫ লক্ষাধিক টকাৰ মোবাইল চুৰি হৈছিল।

অতি কৌশলেৰে দুজন চোৰে দোকানৰ পৰা চুৰি কৰিছিল বৃহৎ পৰিমাণৰ মোবাইল। কিন্তু এই চুৰিকাণ্ডৰ সকলো দৃশ্য বন্দী হৈছিল দোকানৰ চিচিটিভি কেমেৰাত। এই চিচিটিভি দৃশ্যৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় দুই চোৰক।
হাইলাকান্দি সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া এম পি দাওলাগাপুৰ নেতৃত্বত আৰক্ষীয়ে অনুসন্ধান চলাই যোৱানিশা উদ্ধাৰ কৰে প্ৰায় ২০ লাখ টকা মূল্যৰ মোবাইল ফোন।

লগতে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় দুই চোৰক। গ্ৰেপ্তাৰ হোৱা চোৰ দুটাক বতৰ্মানে সোধা–পোছা চলাই আছে হাইলাকান্দি আৰক্ষীয়ে।

ইফালে, চুৰি মোবাইল দোকানৰ স্বত্বাধিকাৰীয়ে হাইলাকান্দি আৰক্ষীক ধন্যবাদ জনাই আৰু চুৰি হোৱা বাকী মোবাইলখিনিও আৰক্ষীয়ে উদ্ধাৰ কৰিব লৈ সক্ষম হ’ব বুলি আশাবাদী।