Local, Vocal, Global

চিকিৎসালয় কৰ্তৃপক্ষৰ অৱহেলাৰ বাবেই মৃত্যুক আঁকোৱালি ল’লে বিনোদে

নিউজ ডেস্ক : দেওবাৰে ধুবুৰী জিলাৰ চিলাৰায় মাল্টিস্পেচিয়েলিটি চিকিৎসালয়ত চিকিৎসালয় কৰ্তৃপক্ষৰ অৱহেলাৰ বাবেই মৃত্যুক আঁকোৱালি ল’লে এজন যুৱকে। যুৱকজনৰ মৃত্যুৰ পিছত চিকিৎসালয়ৰ চৌহদত এক উতপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

উল্লেখ্য যে, মৃতব্যক্তিজনক ধুবুৰীৰ ১৬ নং ৱাৰ্ডৰ বাসিন্দা বিনোদ বিন বুলি চিনাক্ত কৰা হৈছে।

বাতৰি অনুসৰি শ্বৰ্ট চাৰ্কিটৰ ফলত আঘাতপ্ৰাপ্ত হোৱাৰ পিছত বিনোদক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। আৰু আজি ৰাতিপুৱা চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়।

আনহাতে, মৃতকৰ পৰিয়ালৰ সদস্য আৰু স্থানীয় লোকে চিকিৎসালয় কৰ্তৃপক্ষৰ অৱহেলাৰ বাবে যুৱকজনৰ মৃত্যু হ’ল বুলি অভিযোগ উত্থাপন কৰিছে।

ক্ষুব্ধ স্থানীয় লোকে ঘটনাটোৰ বিৰুদ্ধে উতপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে চিকিৎসালয় চৌহদৰ পথ অৱৰোধ কৰিছে।