Fresh violence erupts in Manipur: মণিপুৰত পুনৰ হিংসাৰ সূত্ৰপাত, প্ৰাক্তন বিধায়ককে ধৰি তিনিজনক গ্ৰেপ্তাৰ
নেশ্যনেল ডেস্ক,২৩ মে,: সোমবাৰে মণিপুৰৰ ইম্ফল ৱেষ্ট জিলাৰ অন্তৰ্গত এটা অঞ্চলত দুৰ্বৃত্তই বহুকেইটা ঘৰ জ্বলাই দিয়াৰ পাছতে ৰাজ্যখনত পুনৰ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয় (Fresh violence erupted in Manipur) ।
ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে কয় যে এজন প্ৰাক্তন বিধায়কৰ লগতে আন দুজন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে (Chief Minister N Biren Singh) ।
উল্লেখ্য যে, ৰাজ্যখনত বিগত ৩ মে’ত প্ৰথম হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছিল । এই হিংসাত্মক পৰিস্থিতি উদ্ভৱ হোৱাৰ কাৰণ আছিল, মণিপুৰৰ অল ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়নে (All Tribal Students Union of Manipur) সংখ্যাগৰিষ্ঠ মেইটেই সম্প্ৰদায়ক অনুসূচিত জনজাতি শ্ৰেণীত অন্তৰ্ভুক্ত কৰাৰ দাবীৰ বিৰোধিতা কৰি সহস্ৰাধিক লোকে আয়োজন কৰা প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰিছিল ।
প্ৰতিবাদকাৰীসকলৰ ভিতৰত মণিপুৰৰ অন্যতম বৃহৎ জনজাতীয় সম্প্ৰদায়ৰ কুকিসকলো আছিল । ৰাজ্য চৰকাৰৰ সৈতে তেওঁলোকৰ বিবাদ আছিল, আৰু বিশেষকৈ সম্প্ৰদায়টোৱে দাবী কৰে যে মুখ্যমন্ত্ৰীগৰাকীয়ে মেইটেইৰ “গৰিষ্ঠতাবাদী” আৱেগক আশ্ৰয় দিয়ে । এই সংঘৰ্ষত কমেও ৭৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৩৫ হাজাৰৰো অধিক লোক গৃহহীন হৈছে ।
সংঘৰ্ষ জৰ্জৰ মণিপুৰলৈ লাহে লাহে সাধাৰণ জনজীৱন ঘূৰি আহিছিল । ইয়াৰ মাজতে সোমবাৰে দিনৰ প্ৰায় ২ বজাত ইম্ফল ৱেষ্ট জিলাৰ অন্তৰ্গত নিউ চেকন বজাৰ এলেকাত পুনৰ সংঘটিত হয় হিংসাত্মক কাৰ্যকলাপ। বিশেষকৈ এই অঞ্চলটোত কুকি, মেইটেই আৰু অন্যান্য জনগোষ্ঠীৰ লোকসকলে বসবাস কৰে ।
ইফালে ৰাতিপুৱাৰ ভাগত সান্ধ্য আইন শিথিল হোৱাৰ পিছতে আগ্নেয়াস্ত্ৰ লৈ এগৰাকী প্ৰাক্তন বিধায়কৰ নেতৃত্বত এদল লোকে ব্যৱসায়ীসকলক দোকান বন্ধ কৰিবলৈ ভাবুকি প্ৰদান কৰা বুলি অভিযোগ উত্থাপিত হয় । ইয়াৰ পিছতে প্ৰাক্তন বিধায়কৰ লগতে আন দুজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি অৱগত কৰিলে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে (Former MLA along with two others arrested) । লগতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অঞ্চলটোৰ লগতে বিভিন্ন সংবেদনশীল স্থানত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক : RBI Governor on Rs 2000 withdrawal: কোনো দোকানে ২০০০ টকীয়া নোট অস্বীকাৰ কৰিব নোৱাৰিব