Local, Vocal, Global

UPSC CSE Final Result 2022 Out: প্ৰকাশ পালে UPSC অসামৰিক সেৱাৰ চূড়ান্ত ফলাফলৰ তালিকা , পঞ্চম স্থানত অসমৰ ময়ূৰ হাজৰিকা

নিউজ ডেস্ক, ২৩ মে,: কেন্দ্ৰীয় লোকসেৱা আয়োগে অসামৰিক সেৱা পৰীক্ষা (UPSC CSE 2022)ৰ চূড়ান্ত ফলাফলৰ তালিকাখন ঘোষণা কৰিছে । অসামৰিক সেৱাৰ চূড়ান্ত ফলাফলৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে ইশিতা কিশোৰে । দ্বিতীয় স্থানত গৰিমা লোহিয়া আৰু উমা হাৰ্টি এন দখল কৰিছে তৃতীয় স্থান । চতুৰ্থ স্থান দখল কৰিছে স্মৃতি মিশ্ৰ আৰু পঞ্চম স্থানত আছে অসম সন্তান ময়ুৰ হাজৰিকা । অসামৰিক সেৱা পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে UPSCৰ অফিচিয়েল ৱেবছাইট www.upsc.gov.in ত চূড়ান্ত ফলাফলৰ তালিকাখন চাব পাৰিব (UPSC CSE Final Result 2022) । । অসামৰিক সেৱা পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীয়সকলে UPSCৰ অফিচিয়েল ৱেবছাইট www.upsc.gov.in ত চূড়ান্ত ফলাফলৰ তালিকাখন চাব পাৰিব (UPSC CSE Final Result 2022) ।

বহু প্ৰাৰ্থীয়ে কৰিছে যোগ্যতা অৰ্জন

চূড়ান্ত ফলাফলত নিযুক্তিৰ বাবে নিৰ্বাচিত হৈছে মুঠ ৯৩৩ গৰাকী প্ৰাৰ্থী । ইয়াৰে ৩৪৫ গৰাকী অসংৰক্ষিত, ৯৯ গৰাকী ই ডব্লিউ এছ, ২৬৩ গৰাকী অ’বি চি, ১৫৪ গৰাকী এছ চি আৰু ৭২ গৰাকী এছ টি শিতানৰ । ১৭৮ গৰাকী প্ৰাৰ্থীৰ সংৰক্ষিত তালিকাও প্ৰস্তুত কৰা হৈছে । ইতিমধ্যে আই এ এছৰ পদত নিৰ্বাচনৰ বাবে ১৮০ গৰাকী প্ৰাৰ্থীক চৰ্টলিষ্ট কৰা হৈছে ।

শীৰ্ষ দহটা স্থান প্ৰাপককেইগৰাকী হৈছে :

১. ৫৮০৯৯৮৬ ইশিতা কিশোৰ
২. ১৫০৬১৭৫ গৰিমা লহিয়া
৩. ১০১৯৮৭২ উমা হাৰ্টি এন
৪. ০৮৫৮৬৯৫ স্মৃতি মিশ্ৰ
৫. ০৯০৬৪৫৭ ময়ুৰ হাজৰিকা
৬. ২৪০৯৪৯১ গহনা নব্য জেমছ
৭. ১৮০২৫২২ ৱাছিম ​​আহমেদ ভাট
৮. ০৮৫৩০০৪ অনিৰুদ্ধ যাদৱ
৯. ৩৫১৭২০১ কণিকা গোৱাল
১০. ০২০৫১৩৯ ৰাহুল শ্ৰীবাস্তৱ