হাইলাকান্দিত পাষণ্ড পুত্ৰই হত্যা কৰিলে মাতৃক
নিউজ ডেস্ক, ৮ ছেপ্তেম্বৰ : হাইলাকান্দিত সংগঠিত হল এক নৃশংস হত্যাকাণ্ড । পালিত পুত্ৰৰ হাতত প্ৰাণ গ’ল মাতৃৰ । পুত্ৰই হাতেৰে ডিঙি চেপি হত্যা কৰিলে মাতৃক । এই ঘটনাক কেন্দ্ৰ কৰি হাইলাকান্দি নগৰত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ।
এক জঘন্য ঘটনাই জোকাৰি গল হাইলাকান্দি জিলা সদৰ । বৃহস্পতিবাৰ ৰাতিপুৱা জিলা সদৰৰ টোল ৰোড এলেকাত সংগঠিত হৈছে এক জঘন্য হত্যাৰ ঘটনা । টোল ৰোডৰ এক ভাড়া ঘৰত দীৰ্ঘ বছৰৰ পৰা নিজ পালিত পুত্ৰ ত্ৰিদিপ দেবৰয়’ক লৈ বসবাস কৰিছিলে জয়শ্ৰী দেবৰয় নামৰ এগৰাকী বৃদ্ধাই ।
হাইলাকান্দি জিলা কোষাগাৰৰ পৰা যোৱা ২০২০ চনত অবসৰ গ্ৰহণ কৰিছিলে মহিলা গৰাকীয়ে । তেওঁৰ স্বামী দিলীপ দেবৰয় কৰ্মসূত্ৰে বেলেগত বসবাস কৰে । নি:সন্তান দেবৰয় দম্পতীয়ে মাত্ৰ চাৰি দিনৰ বয়সত এইগৰাকী যুবকক তুলি লৈছিল । কিন্তু বিগত কিছু বছৰৰ পৰা এই পালিত পুত্ৰই বিভিন্ন বাহানাই মাতৃৰ পৰা অৰ্থ দাবী কৰি আছিল । পুত্ৰৰ এই অত্যাচাৰৰ কথা মাতৃয়ে আত্মীয় সকলক অবগত কৰিছিল ।
ইপিনে, আজি ৰাতিপুৱা প্ৰতিবেশী সকলে ঘৰৰ মজিয়াত জয়শ্ৰী দেবৰয়ৰ নিথৰ দেহ পৰি থকা দেখি তেওঁৰ আত্মীয় তথা আৰক্ষীক খবৰ দিয়ে । আৰক্ষী ঘটনাস্থলীত উপস্হিত হৈ মৃতদেহৰ কাষৰ পৰা এডাল প্লাস্টিক ৰচি উদ্ধাৰ কৰে । প্ৰাথমিক তদন্তত আৰক্ষীয়ে মহিলা গৰাকীক ডিঙি চেপি হত্যা কৰা হৈছে বুলি অনুমান কৰিছে ।
আনহাতে পু্ত্ৰ ত্ৰিদিপ দেবৰয়ৰ শৰীৰত নখৰ আঘাতৰ চিন স্পষ্ট আছিল। আৰক্ষীয়ে ইতিমধ্যে পুত্ৰ ত্ৰিদিপ দেবৰয়ক গ্ৰেপ্তাৰ কৰিছে । লগতে মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰোনোত্তৰ পৰীক্ষাৰ বাবে হাইলাকান্দিৰ এচ কে ৰায় অসামৰিক হাস্পতাললৈ প্ৰেৰণ কৰিছে । উল্লেখ, বি কম তৃতীয় ছেমিষ্টাৰৰ ছাত্ৰ ত্ৰিদিপ ড্ৰাগ আৰু বিভিন্ন প্ৰকাৰৰ জুৱাৰ প্ৰতি আসক্ত আছিলে বুলি প্ৰতিবেশী সকলে জনাইছে ।