Local, Vocal, Global

Free cloth bank: শোণিতপুৰৰ ঢেকিয়াজুলিত একাংশ ব্যৱসায়ীৰ প্ৰশংসনীয় পদক্ষেপ

শোণিতপুৰ, ৬জুন : সমাজত বহুলোকে এক চৌখীন জীৱন যাপন কৰাৰ পৰিৱৰ্তে একাংশই অন্ন বস্ত্ৰ বাসস্থানৰ বাবে হাহাকাৰ কৰিব লগা হৈছে (Struggle for food shelter and clothing) । আভিজাত্যৰ সমাজৰ আঁৰত বুভুক্ষু সমাজৰ আৰ্তনাদৰ বহু ছবি প্ৰতিফলিত হয় এইখন সমাজতে । চৰম অপ্ৰিয় সত্যক উদাহৰণ হিচাপে লৈ পদপথৰ কাষত, ৰাজ আভিজাত্যত উঁটি-ভাঁহি ফুৰা নগৰ, মহানগৰৰ বহু জনবহুল স্থানত, ঈশ্বৰৰ অস্তিত্বক উপাসা কৰা স্থানৰ কাষত নিতৌ পৰিলক্ষিত হয় বাস্তৱৰ বহু নিষ্ঠুৰ সত্যতা (Cruel truths about reality) ।

জীৱন জীৱলৈ হাজাৰ অজুহাতেৰে প্ৰতিশ্ৰুতিবদ্ধ এইসকল লোকৰ সংগ্ৰামী যাত্ৰা । এনে অজুহাতৰ তুলনা কৰিবলৈ আপোনাৰ মোৰ জীৱনৰ ঘটনাবোৰ হয়তো উপমাহীন । বহুজনে এনেলোকক উপেক্ষা কৰি আঁতৰি অহাৰ পৰিৱৰ্তে বহু মানৱদৰদী লোকে এই সংগ্ৰামী লোকৰ যাত্ৰাত পাৰ্যমানে সহায়ৰ হাত আগবঢ়াবলৈ চেষ্টা কৰি আহিছে (Helping hands as much as possible) । তাৰেই উদাহৰণেৰে শোণিতপুৰৰ ঢেকিয়াজুলিত একাংশ ব্যৱসায়ীয়ে লৈছে বিশেষ পদক্ষেপ (Traders of Dhekiajuli taken special steps) ।

ঠেলামৰাৰ একাংশ ব্যৱসায়ী সমাজে পথৰ দাঁতিতে নিৰ্মাণ কৰিছে ক্লথ বেংক । আমাৰ বহুজনে পুৰণি পোচাকযোৰ নিপিন্ধাকৈ পেলাই দিয়ে । কিন্তু নিঃকিন বাস্তৱতাক বহণ কৰা এনেলোকৰ বাবে এনে এযোৰ কাপোৰৰ যথেষ্ট প্ৰযোজন । আৰু এনে প্ৰয়োজনীয়তা পূৰণৰ বাবে এই ক্লথ বেংকত ৰাখক আপোনাৰ পুৰণি পোছাকযোৰ(Free cloth bank) । প্ৰচণ্ড শীতত কঁপি থকা পদপথৰ বাসিন্দাৰ বাবে এইসাজ কাপোৰৰ কিমান প্ৰয়োজন হ’ব , সেইয়া নক’লেও সকলোৱে জানে । সংগ্ৰামী জীৱনৰ বাট বোলা এইসকল লোকৰ জীৱন যাত্ৰাৰ সহযাত্ৰী হোৱাৰ সাহস নহ’লেও কিছু সকাহ দিবলৈ আহকচোন সকলোৱে সহযোগ কৰোঁ ।

শোণিতপুৰৰ ঢেকিয়াজুলিৰ ঠেলামৰাৰ ব্যৱসায়ী সমাজৰ এই পদক্ষেপক ইতিমধ্যেই বহুতে সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক : Violence in Assam Arunachal border: অসম সীমান্তৰ সংঘৰ্ষত জড়িত পাঁচজনক গ্ৰেপ্তাৰ অৰুণাচল আৰক্ষীৰ