Local, Vocal, Global

Violence in Assam Arunachal border: অসম সীমান্তৰ সংঘৰ্ষত জড়িত পাঁচজনক গ্ৰেপ্তাৰ অৰুণাচল আৰক্ষীৰ

ধেমাজি, ৬ জুন: ৫ জুনত ধেমাজি জিলাৰ পানবাৰীত সংঘটিত হিংসাত্মক ঘটনাৰ লগত জড়িত পাঁচজনক গ্ৰেপ্তাৰ কৰিছে অৰুণাচল আৰক্ষীয়ে । নিজৰ টুইটাৰ হেণ্ডেলত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে লিখিছে, “ধেমাজিৰ অসম-অৰুণাচল সীমান্তত সংঘটিত গুলীচালনা কাণ্ডৰ ওপৰত ধেমাজি আৰু গোগামুখ আৰক্ষী থানাত ৰুজু হোৱা case No.63/23 u/s 147/148/302/326/307 IPC r/w 25 (1) (a)/27 (3)সশস্ত্ৰ আইন অনুসৰি ৫জন অভিযুক্তক অৰুণাচল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । যথাযথ পদ্ধতি অনুসৰণ কৰি অসম আৰক্ষীয়ে তেওঁলোকক নিজৰ জিম্মাত ল’ব ।@DGPAssam @CMOfficeAssam” (Assam DGP G P Singh Tweet)।

ইফালে, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা( Assam Chief Minister Himanta Biswa Sarma)ই কয় যে, ধেমাজিৰ গুলীচালনাৰ ঘটনাত নিহত বগা চুতীয়া আৰু মণ্টু গগৈৰ আত্মীয়ক ৫ লাখ টকাকৈ এককালীন সাহায্য(Ex gratia of Rs 5 lakh) দিয়া হ’ব । লগতে আহত জগত গগৈ আৰু পুস্পা গগৈকa ১ লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হ’ব ।

ইফালে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু(Arunachal Chief Minister Pema Khandu)ৱে যোৱা ৫ জুনত অসম-অৰুণাচল সীমান্তত সংঘটিত হিংসাত্মক ঘটনাত দুজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আন দুজন লোক আহত হোৱা ঘটনাক দুৰ্ভাগ্যজনক বুলি অভিহিত কৰে ।

“পুৱা এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি থকাৰ অৱস্থাতে এই কাণ্ডৰ বিষয়ে অৱগত হোৱাৰ বিছতে স্থানীয় বিধায়ক, আৰু সেই অঞ্চলৰ দ্বায়িত্বত থকা জিলা উপায়ুক্তজনক সেই স্থান পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্ত পৰিয়ালক লগ কৰিবলৈ নিৰ্দেশ দিও । লগতে আমাৰ ৰাজ্যৰ মুখ্য সচিবকো ঘটনাৰ তদাৰক কৰিবৰ বাবে নিৰ্দেশ দিও ।” খাণ্ডুৱে এইদৰে কয় ।

উল্লেখ্য যে, ৫ জুনৰ বিশ্ব পৰিবেশ দিৱস উপলক্ষে জয়ৰামপুৰ পাণবাৰীৰ অৰুণাচল সীমান্তৱৰ্তী অঞ্চলটোত গছপুলি ৰোপন কৰিবলৈ গৈছিল অসমৰ লোককেইজনে ৷ জয়ৰামপুৰ পাণবাৰী সীমান্তৱৰ্তী ভূমি সুৰক্ষা সমিতি নামৰ সংগঠনটোৰ উদ্যোগত গছপুলি ৰোপনৰ উদ্দেশ্যে সেই স্থানলৈ গৈছিল লোককেইজন ; কিন্তু সেই সময়তে অৰুণাচলী লোকৰ এটা দুষ্কৃতিকাৰী দল সেই স্থানত উপস্থিত হৈ গছপুলি ৰোপনত হকা-বাধা কৰে ৷ ফলত দুয়োটা দলৰ মাজত সৃষ্টি হয় বাক-বিতণ্ডাৰ (Firing at Assam Arunachal border) ৷

অসমৰ ভূমিক অৰুণাচলৰ বুলি দাবী কৰি অৰুণাচলী দুষ্কৃতিকাৰীৰ দলটোৱে গছপুলি ৰোপনত অসমৰ অসমীয়া লোককেইজনক বাধা প্ৰদান কৰে ৷ কিন্তু অসমৰ লোক কেইজনেও উভতি ধৰাত এই সংঘাতৰ সৃষ্টি হয় আৰু পৰিণতিত অসমৰ দুজনকৈ লোকে প্ৰাণ হেৰুৱাব লগা হয়(Violence in Assam Arunachal border) ৷ আহত লোক দুজনক ইতিমধ্যে ধেমাজি অসামৰিক চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে (Two killed in Assam Arunachal border) ৷

ইফালে, স্থানীয় সূত্ৰে পোৱা খবৰ অনুসৰি অচিনাক্ত দুষ্কৃতিকাৰীৰ দলটোৱে আৰু তিনিজন ব্যক্তিক অপহৰণ কৰিছে । বৰ্তমান সীমান্তত নিয়োজিত নিৰাপত্তা বাহিনীয়ে অপহৃত ব্যক্তিকেইজনৰ সন্ধানত অভিযান চলাই আছে ।

লগতে পঢ়ক : India Flags Off Its 1st International Cruise Vessel From Chennai To Sri Lanka : চেন্নাই, শ্ৰীলংকাৰ মাজত প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় ক্ৰুজ জাহাজৰ শুভাৰম্ভ