Local, Vocal, Global

Firing Continues In Manipur : মণিপুৰত হিংসাত্মক ঘটনাত শ্বহীদ BSF জোৱান , অসম ৰাইফলছৰ ২ সৈনিক গুলীবিদ্ধ

নেশ্যনেল ডেস্ক, ৬ জুন : মণিপুৰৰ কাকচিং জিলাত সোমবাৰ আৰু মঙলবাৰৰ নিশা নিৰাপত্তা বাহিনী আৰু বিদ্ৰোহীৰ দলৰ মাজত হোৱা গুলীচালনাত এজন সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান নিহত হয় (BSF jawan killed) । আনহাতে আছাম ৰাইফলছৰ দুজন জোৱান গুলীচালনাত আঘাতপ্ৰাপ্ত হয় ।

জানিব পৰা মতে, সোমবাৰে নিশালৈকে নিৰাপত্তা বাহিনী আৰু বিদ্ৰোহীৰ এটা দলৰ মাজত গুলীচালনাৰ ঘটনা সংঘটিত হয় ।

বি এছ এফৰ এজন বিষয়াই জনোৱা অনুসৰি , পুৱা প্ৰায় ৪.১৫ বজাত চেৰৌ প্ৰেকটিকেল হাইস্কুলত নিয়োজিত বি এছ এফৰ সৈন্যক লক্ষ্য কৰি লৈছে সন্দেহযুক্ত কুকি দুৰ্বৃত্তই । বন্দুকৰ গুলীত আঘাতপ্ৰাপ্ত কনিষ্টবল ৰঞ্জিত যাদৱক কাকচিঙৰ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে । আহত আছাম ৰাইফলছৰ দুজন জোৱানক সেনাৰ বিমানেৰে ইম্ফলৰ মন্ত্ৰীপুখ্ৰীলৈ বিমানেৰে লৈ যোৱা হয় । আক্ৰমণকাৰীক আটক কৰিবলৈ অঞ্চলটোত তালাচী অভিযান অব্যাহত আছে । ৫-৬ জুনৰ গোটেই নিশা নিৰাপত্তা বাহিনী আৰু বিদ্ৰোহীৰ দলৰ মাজত গুলীচালনা সংঘটিত হয় । এই গুলীচালনাত এজন বি এছ এফ জোৱানে নিহত হোৱাৰ বিপৰীতে সাধাৰণ এলেকা ছেৰৌত দুজন অসম ৰাইফলছৰ জোৱান গুলীবিদ্ধ হৈ আহত হয় ।

উল্লেখ্য যে বিগত কিছুদিন ধৰি মণিপুৰত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ পৰিস্থিতি পৰিমাণ অধিক হ’বলৈ ধৰিছে (Monipur Violence)। শনিবাৰে সন্দেহযুক্ত উগ্ৰপন্থীয়ে কাকচাং জিলাৰ চুগনুৰ ওচৰৰ চেৰু বজাৰত কংগ্ৰেছ বিধায়ক ৰঞ্জিত সিঙৰ বাসগৃহকে ধৰি এটা ঘৰ জ্বলাই দিয়ে। ইয়াৰ পিছত সোমবোৰে নিশা বিদ্ৰোহীৰ এটা দলে অঞ্চলটোত নিৰাপত্তা বাহিনীৰ এটা শিবিৰ ঘেৰাও কৰিবলৈ চেষ্টা কৰিছিল য’ত গোটেই ৰাতি মাজে মাজে গুলীচালনা অব্যাহত আছিল।

সোমবাৰে আৰক্ষীয়ে জনোৱা অনুসৰি , ইউনাইটেড কুকি লিবাৰেচনৰ উগ্ৰপন্থীয়ে সুগনুত থকা এটা পৰিত্যক্ত শিবিৰত গাঁওবাসীয়ে অগ্নিসংযোগ কৰে । চৰকাৰৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰি ফ্ৰণ্ট(UKLF) ৰৈ আছিল। দেওবাৰে ভাৰত ৰিজাৰ্ভ বেটেলিয়ন, আৰু সীমান্ত সুৰক্ষা বাহিনীকে ধৰি ৰাজ্যিক আৰক্ষীৰ যুটীয়া বাহিনীৰ সৈতে গাঁৱৰ স্বেচ্ছাসেৱকৰ সৈতে বন্দুকৰ যুঁজৰ অন্তত বিদ্ৰোহীৰ এটা দলে নিজৰ শিবিৰৰ পৰা পলায়ন কৰে ।

লগতে পঢ়ক : Violence in Assam Arunachal border: অসম সীমান্তৰ সংঘৰ্ষত জড়িত পাঁচজনক গ্ৰেপ্তাৰ অৰুণাচল আৰক্ষীৰ