Local, Vocal, Global

Watch | Free ambulance service launched for poor people: দৰিদ্ৰ জনসাধাৰণৰ বাবে আৰম্ভ কৰিলে বিনামূলীয়া এম্বুলেঞ্চ সেৱা

সোণাৰি: বৃহত্তৰ টিয়কঘাট ৰাজহুৱা ৰঙালী বিহু সন্মিলনৰ আদৰণীয় পদক্ষেপ। অঞ্চলটোৰ দৰিদ্ৰ জনসাধাৰণৰ বাবে আৰম্ভ কৰিলে বিনামূলীয়া এম্বুলেঞ্চ সেৱা। দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা বিহু সন্মিলনৰ কালি অন্তিম দিনা আয়োজন কৰা মুকলি সভাত এম্বুলেঞ্চ সেৱাৰ আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। বিগত বৰ্ষৰ বিহু সন্মিলনৰ ৰাহি ধন আৰু স্থানীয় জনসাধাৰনৰ দান বৰঙণিৰে ক্ৰয় কৰা হৈছে এম্বুলেঞ্চখন।